‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আঁচনিখনৰ শুভাৰম্ভ কৰে।  স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীসকলে মাহিলি আর্থিক সাহায্যৰে যাতে প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে অথবা ব্যৱসায়-বাণিজ্যৰে উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যে অসম চৰকাৰে এই আঁচনিখনৰ আৰম্ভণি কৰিছে। এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে যোৱা বছৰ বাৰ্ষিক বাজেট প্রস্তুত কৰাৰ সময়ত অসমৰ বিত্তমন্ত্ৰীয়ে কেইবাখনো জনকল্যাণমূলক আঁচনি ঘোষণা কৰিছিল। যোৱা ১ এপ্ৰিলৰ পৰা বাজেট ৰূপায়ণৰ কাম আৰম্ভ হয় আৰু বাজেটত ঘোষণা কৰা আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ চিএম-ফ্লাইট আঁচনি- এই তিনিখন আঁচনি ৰাজ্য চৰকাৰে দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগক অর্পণ কৰিছিল আৰু তিনিওখন আঁচনিয়ে আজি এক নির্দিষ্ট গতিত আগবাঢ়িছে। জীৱন প্ৰেৰণা আঁচনিখনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলে স্নাতক ডিগ্রী লাভ কৰাৰ পিছত বিভিন্ন মানসিক কাৰণত পিতৃ-মাতৃৰ পৰা টকা বিচাৰিবলৈ কুণ্ঠাবোধ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ বাবে প্রথম সমস্যা আহে মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলক লৈ, তাৰ পিছত দ্বিতীয় সমস্যা আহে হোষ্টেল মেচ্চ ডিউজ আৰু অহা-যোৱা খৰচৰ বাবে। শেষৰ সমস্যাটো আহে মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কর্মসংস্থাপনৰ প্ৰয়োজনীয়তা পূৰণক লৈ। মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আমি যুৱক-যুৱতীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সেই প্রচেষ্টাৰ অংশ হিচাপে কেইবাখনো নতুন আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ বিনামূলীয়া নামভর্তি, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ বাবে বিনামূলীয়া প্র-পত্ৰ পূৰণ, আৰ্থিক সংকটৰ বাবে ছাত্ৰীসকলে যাতে আদবাটতে শিক্ষা সামৰিব লগা নহয়, তাৰ বাবে নিযুত মইনা আঁচনি আদি জনকল্যাণমূলক আঁচনিসমূহ গ্ৰহণৰ একেটা শৃংখলতে আজি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন হাতত লৈছে। নিযুত মইনা আঁচনিৰ লেখীয়া এইখনো এখন ব্যতিক্রমী আঁচনি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে আঁচনি প্ৰৱৰ্তন হোৱা নাই। অসমৰ বৰ্তমান চৰকাৰে যুৱক-যুৱতীসকলৰ মাজত বহু সম্ভাৱনাৰ সৃষ্টি কৰিছে। অনাগত দিনসমূহত ৰাজ্যখনত এনে সম্ভাৱনা অধিক বৃদ্ধি পাব। কিন্তু সম্ভাৱনাসমূহ যুৱক-যুৱতীসকলে নিজৰ জীৱনত খাপ খোৱাকৈ বিচাৰি উলিওৱাৰ বাবে নিজক প্ৰস্তুত কৰিবলৈ অন্ততঃ এটা বছৰ সময় লাগে। সেইবাবে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ যুৱক-যুৱতীসকলক প্রতিমাহে ২,৫০০ টকাকৈ বৃত্তি প্রদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ই নিবনুৱা ভাট্টা নহয়। কাৰণ এটা বছৰ চৰকাৰে আর্থিক সমর্থন দিলে যুৱক-যুৱতীসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। ৰাজ্যখনত বর্তমান স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ পৰীক্ষা, অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে যুৱক-যুৱতীসকলে নিয়োগৰ সুবিধা লাভ কৰাৰ লগতে অসমত স্থাপন হোৱা ছেমিকণ্ডাক্টৰ উদ্যোগত ঔদ্যোগিক নিয়োজনৰ সুবিধাৰ উপৰি মুখ্যমন্ত্ৰীৰ চিএম-ফ্লাইট আঁচনিৰ অধীনত জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আদি বিভিন্ন দেশত সংস্থাপনৰ বাবে পথ প্রশস্ত হৈ উঠিছে। তেওঁ কয় যে সমান্তৰালভাৱে দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আজি আগতকৈ বহুখিনি আগবাঢ়িছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আদিৰ জৰিয়তে ৰাজ্য চৰকাৰে আত্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে প্রধানমন্ত্রী মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাৰ দিশত আগবঢ়া যুৱক-যুৱতীসকলক জড়িত হৈ পৰিছে। তেওঁ কয় যে এটা বছৰৰ আর্থিক সমর্থনে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্রহণত সহায় কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উদগনি যোগাব। তেওঁ কয় যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৭ চনৰ ৩১ জানুৱাৰীলৈকে প্রতিমাহত ৰাজ্য চৰকাৰে স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক ২,৫০০ টকাকৈ আগবঢ়াই যাব।  পৰৱৰ্তী বছৰসমূহত স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক অনুৰূপ ধৰণে বৃত্তি প্রদান কৰা হ’ব। ২০২৫ চনত স্নাতক উত্তীর্ণ সকলো যুৱক-যুৱতীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। নিযুত মইনা আঁচনিৰ অধীনত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলে ইতিমধ্যে ২,৫০০ টকাকৈ লাভকৰি আছে আৰু অহা ৪ বছৰলৈ এই আঁচনিৰ অধীনত তেওঁলোক এই ধন লাভ কৰি থাকিব। সেয়েহে নিযুত মইনা আঁচনিৰ অধীনত ধন লাভ কৰা ছাত্ৰীসকলক এই আঁচনিৰ অধীনত সামৰি ল’ব বিচৰা নাই বুলি তেওঁ কয়। তদুপৰি পেছাদাৰী অথবা বৃত্তিমুখী পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক এই বছৰ এই আঁচনিৰ অধীনত সামৰি লোৱা হোৱা নাই। কিন্তু সামাজিক ক্ষেত্র তথা সামাজিক সংগঠনে পৃষ্ঠপোষকতা কৰা বিশ্ববিদ্যালয়সমূহৰ পৰা স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত এই আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে বিবেচনা কৰাৰ বাবে চিন্তা কৰা হ’ব বুলি তেওঁ কয়। চতুৰ্থবৰ্গৰ চাকৰিয়ালৰ সন্তানক বাদ দি যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃৰ যিকোনো এগৰাকী ৰাজহুৱা পদত অথবা চৰকাৰী চাকৰিত নিয়োজিত, যিসকল আবেদনকাৰীৰ পিতৃ-মাতৃ পঞ্জীয়নভুক্ত ঠিকাদাৰ, যিসকল আবেদনকাৰী বছৰি ১০ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা পেছাদাৰী পৰিয়ালৰ সন্তান অথবা আবেদনকাৰী পিতৃ-মাতৃৰ যিকোনো এগৰাকী সাংসদ, মন্ত্রী বা বিধায়ক, তেনে স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীয়ে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব। তেওঁ কয় যে নৱেম্বৰ মাহৰ ভিতৰত এই আঁচনিখনৰ অধীনত আবেদন প্ৰক্ৰিয়াৰ কাম সমাপন হোৱাৰ আশা কৰা হৈছে। ডিচেম্বৰ মাহত আবেদন-পত্ৰসমূহ পৰীক্ষণ কৰা হ’ব। এই আঁচনিখন নির্বাচনকেন্দ্রিক আঁচনি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষা পূৰণৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন উদ্বোধন কৰা হৈছে আৰু ই এখন সার্বজনীন আঁচনি। আজিৰ এই সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, ড° বি কল্যাণ চক্রবর্তী, প্রধান সচিব জ্ঞানেন্দ্ৰদেৱ ত্রিপাঠী, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবর্গ, গণ্য-মান্য ব্যক্তি আৰু যুৱক-যুৱতীসকল উপস্থিত থাকে।