মুখ্যমন্ত্ৰীৰ এইবাৰ লক্ষ্য অবৈধ স্বামী

Pc Time8 assam news

মুখ্যমন্ত্ৰীৰ এইবাৰ লক্ষ্য অবৈধ স্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ লক্ষ্য অবৈধ স্বামী।বাল্য বিবাহ ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।শুকুৰবাৰে গ্ৰেপ্তাৰ হ’ব ৪০০৪ গৰাকী অবৈধ স্বামী।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰ হেণ্ডেলৰ জৰিয়তে কোন জিলাত কিমান অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ এখন তালিকাও প্ৰকাশ কৰিছে। ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে।এই গোচৰৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।ইয়াৰ বাবে তেওঁ সকলোকে সহযোগিতাও আগবঢ়াবলৈ আহ্বান জনাইছে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ হেণ্ডেলত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৬ খন জিলাত ৪০০৪ টা তেনে গোচৰ ৰুজু হৈ আছে।ইয়াৰ ভিতৰত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে ধুবুৰীত।জিলাখনত মুঠ ৩৭০ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে।উল্লেখযোগ্য যে,কাইলৈ পুৱাৰে পৰা চলিব অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা অভিযান।যিসকলৰ সন্তান জন্ম পাইছে সেইসকল অবৈধ স্বামীৰ শাস্তি কঠোৰ হ’ব।