চুটিগল্প
মুক্ত জীৱন
যমুনা দুলু বৈশ্য
জানা স্নেহা ,মই তোৰ মা হওঁ , বেলেগ নহও বুজিছা মাক উদেষ্ণা কিমান বুজাব । আকৌ কবলৈ ধৰিলে , সময়ে কাৰ জীৱনলৈ কেতিয়া দুৰ্যোগ নমাই আনে কোনেও নেজানে । সময় বৰ নিষ্ঠুৰ হৈ দেখা দিছিল মোৰজীৱনত ,কেতিয়াবা কান্দি কান্দি ওৰে ৰাতি পাৰ কৰিছিলো ।ৰঙা পৰি উখহি গৈছিল দুচকু ।চকুৰ পানীৰে বিছনাৰ গাৰু তিয়াই দিছিলো । তথাপি দেউতাৰেক কোনো দিন একো নকয় যি খিনি পাইছিলো তাকে লৈ সন্তুুষ্ট থাকিবলৈ চেষ্টা কৰিছিলো ।কিন্তু মনত এটাই সংকল্প কৰিছিলো তই মোৰ প্ৰথম সন্তান আৰু শেষ হয় ।তোৰ বাবে ৰাতিক দিন কৰি পঢ়োৱাই ডাঙৰ কৰিলো ।এতিয়া তই সৰু হৈ থকা নাই। মাত্ৰ আছে পাচটি বছৰ তোৰ পঢ়া শেষ হলেহে অন্তত নিজৰ ভৰিত থিয় হলেহে মনত শান্তি পাম মুক্ত মনে মুক্ত ভাৱে মুক্ত জীৱন এটি ল’ব পাৰিবি যেতিয়া ,বহুত আগবঢ়িলি আৰু তই আগুৱাই যাব লাগিব। তই পাৰিবি তোক বিয়া দিম স্নেহা তই পছন্দ কৰা লৰা টোৰ লগতে দিম । এতিয়া মোৰ ওচৰত তোৰ দেউতাৰে নাই । কিন্তু দেউতাৰে দিয়া জ্বালা যন্ত্ৰণা প্ৰত্যোক টি কথা হৃদয়ত জমা হৈ আছে । মোৰো শিক্ষা আছে বাহিৰত ওলাই গৈ কিবা কৰিব পাৰিলো হয় মই নকৰি ঘৰতে শাল খন লগাই আজি লৈ চলি আছো । তই সৰু থাকোতে যেতিয়া বজাৰৰ পৰা মুখত ঘোহা , চাবোন , সামগ্ৰী বোৰ আনিবলৈ ক’লে তেতিয়া কি কয় জান দেউতাৰে নিজে উপাৰ্জন কৰি ল’ব নোৱাৰ ।আজি বোলে ইটো কালি বোলে সিটো টকা গছত লাগে নেকি ? বজাৰত যাবিচোন বস্তুৰ যিহে দাম ।ঘৰত থাকি তই কি জানিবি ।ল’ৰা এটি জন্ম দিব নোৱাৰিলি ।জন্ম দিলি ছোৱালী অলপ ডাঙৰ হকচোন তোৰ দৰে মুখত ঘোহা ওঁঠত ঘহালৈ দি দি সময়ত ল’ৰা পালে আন এঘৰলৈ গুচি যাব । এই কথাবোৰ বৰকৈ মনত পৰে ঐ স্নেহা , মাকে কান্দি কান্দি কয় বিধৱা মা কথা এবাৰ অনুভৱ কৰচোন ।মই পোৱা কষ্ট দুনাই তোক দিব নিবিচাৰো । নিজক প্ৰতিষ্ঠিত হৈ উচ্চ আসনত বহি মুক্ত জীৱনৰে সকলোতে কেৱল থিয় হ’ব লাগিব সৎ কৰ্ম ৰে আগুৱাই যাবি মানুহ হিচাপে ।