মীৰাবাই চানুৰ ২০২২ চনৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন
ৰঙিলী বাৰ্ত্তাসেৱা- অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে ২০২২ চনৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন টুৰ্ণামেণ্টত মহিলাৰ ৫৫ কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছিল। মীৰাবাইয়ে মুঠ ১৯১ কিলোগ্ৰাম (স্নেচত ৮৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰাম) উত্তোলন কৰি সোণৰ পদক জয় কৰে। যোৱা বছৰ অলিম্পিক গেমছৰ পিছত এইটো মীৰাৰ প্ৰথম প্ৰতিযোগিতা আছিল।