মিৰ্জাত শোকাবহ পথ দুৰ্ঘটনা
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এল আই চি অফিচৰ সম্মুখত চাইকেল আৰোহীক মহতিয়াই লৈ যায় গোৱালপাৰা অভিমুখী যাত্ৰীবাহী বাছে ৷দৰাৰ সাজত যাবলৈ সাজু হৈছিল যুৱক জন কইনাৰ ঘৰলৈ যোৱাৰ পৰিৱৰ্তে যাত্ৰা এতিয়া চাৰিখুটিৰ মাজলৈ ৷বিয়ালৈ মাথোঁ কেইটামান দিন বাকী আছিল নয়ন মনিৰ ৷ পিছে সম্প্ৰতি চাৰি সিকিৰ ঠিকনা হ’ল নয়নৰ ৷এই শোকাবহ ভয়ংকৰ পথ দুৰ্ঘটনাটো ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত , বৰকুছি এল আই চি অফিচৰ সন্মুখত সংঘটিত হয় ৷দুৰ্ঘটনাত থিতাতে নিহত এজন চাইকেল আৰোহী যুৱক ৷ ঘৰ বৰকুছি গোঁসাই পাৰাত ৷চাইকেল আৰোহী যুৱক জনক মহটিয়াই নিলে গোৱালপাৰা অভিমুখী যাত্ৰীবাহি বাছে ৷দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহি বাছ খনৰ নম্বৰ এচ ০১ আৰ চি ৮৩২৩৷সময় দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷বৰকুছি গোঁসাইপাৰা নিবাসী খগেন শৰ্মাৰ পুত্ৰ নয়ন মনি শৰ্মাৰ বিয়ালৈ আছিল মাথোঁ কেইটামান দিন বাকী ৷ পিছে নিয়তিয়ে কাঢ়ি নিলে নয়ন মনিক ৷পুত্ৰক দৰাৰ সাজত চাবলৈ নাপালে পৰিয়ালে ৷ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ টোপোলাৰে সৈতে নয়ন গুছি গ’ল অচিন দেশলৈ ৷ মৃত্যুৰ সময়ত নয়নৰ বয়স আছিল ৩০ বছৰ