মিৰ্জাত মুকলি দবা খেল প্ৰতিযোগিতাৰ সামৰণি 

মিৰ্জাত মুকলি দবা খেল প্ৰতিযোগিতাৰ সামৰণি 

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- মিৰ্জাত যোৱা ১৫ ডিচেম্বৰ ৰবিবাৰে সময় দিনৰ ১০ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হোৱা মুকলি দবা খেল প্ৰতিযোগিতাৰ সফল সামৰণি হয় ৷ NE Sports, Academy মিৰ্জা আৰু MEE Foundation ৰ উদ্যোগত আয়োজিত 1st NESA Open Chess Tournament 2024 প্ৰতিযোগিতা খন মিৰ্জাৰ ডাৰউইন একাদেমীত অনুষ্ঠিত কৰা হয় ৷ উক্ত প্ৰতিযোগিতা খনত সৰ্বমুঠ ৬০ ৰ অধিক খেলুৱৈৰ প্ৰাৰ্থিত্বত অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগিতাখন প্ৰমুখ্যে ড° শৈলেন্দ্ৰ কুমাৰ দাস, পলাশ কুমাৰ দাস, মুকুট শৰ্মা, মনোজ শৰ্মাৰ উদ্যোগত তথা তত্ত্বাৱধানত আয়োজন কৰা হয় ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি দাস আৰু বৰ্তমান ডাৰউইন একাদেমীৰ অধ্যক্ষ তথা দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ৰমেশ চন্দ্ৰ কলিতা ৷ খেলৰ তত্ত্বাৱধায়ক আৰু পৰিচালনাৰ দায়িত্বত থাকে ক্ৰমে মৃনাল কাকতি ( Senior National Arbiter, international rated player,General Secretary, Knight Chess Academy ) সত্যব্ৰত সন্দিকৈ ( International Rated Player, Head Coach, knight Chess Academy) মানস শৰ্মা ( International Rated Player, Coach, Knight Chess Academy ) লোহিত দাস ( Head Coach, NESA Chess Academy ) প্ৰতিযোগিতা খনৰ উদ্দেশ্য ব্যাখ্যা কৰি ড° শৈলেন্দ্ৰ কুমাৰ দাসে কয়, বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলত বহু প্ৰতিভাসম্পন্ন খেলুৱৈ তথা যুৱকযুৱতী আছে কিন্তু উচিত প্ৰশিক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত পিছপৰি আছে, মানুহৰ মাজত দবা খেলৰ লগতে অন্যান্য আন খেল সমূহৰ তাৎপৰ্য,প্ৰয়োজনীয়তা আৰু ভৱিষ্যত আদিৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে ৷ আনহাতে NE Sports Academy য়ে উক্ত উদ্দেশ্য আগত ৰাখি দক্ষিণ কামৰূপৰ মিৰ্জাত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে অনাগত দিনত ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ বিচাৰিলে NE Sports Academy ফেচবুক পেজত গৈ যোগাযোগ কৰিব পাৰিব৷ উল্লিখিত মুকলি দবা প্ৰতিযোগিতা খনৰ ছয়টা শাখাত বঁটা প্ৰদান কৰা হয়। ৯ বছৰ বয়সৰ শাখাত ক্ৰমে প্ৰথম স্থানত প্ৰজ্ঞাপৰশা সন্দিকৈ, দ্বিতীয় স্থানত আদিশ শিৱম কাকতি, তৃতীয় স্থান লাভ কৰে আকাশ প্ৰতিম ঠাকুৰীয়া ৷ ১১ বছৰ বয়সৰ শাখাত প্ৰথম স্থানত যুগ ৰমেশ দাস, দ্বিতীয় স্থানত বৈভৱ দাস,তৃতীয় স্থানত দেৱৰ্ষি শৰ্মা ৷ ১৩ বছৰ বয়সৰ শাখাত প্ৰথম স্থানত প্ৰতিধ্বনি সন্দিকৈ, দ্বিতীয় স্থানত যীঞ্চু শিৱন, তৃতীয় স্থান লাভ কৰে সন্দিপ নাথে ৷ ১৫ বছৰ বয়সৰ শাখাত প্ৰথম স্থানত মিন্ময় কাকতি,দ্বিতীয় স্থানত চিন্ময় মেধি,তৃতীয় স্থান ডিম্পী শইকীয়া লাভ কৰে ৷ ১৯ বছৰ বয়সৰ শাখাত প্ৰথম স্থানত ৰূপক শৰ্মা, দ্বিতীয় স্থানত হেপী কাশ্যপ, তৃতীয় স্থান লাভ কৰে অশ্বিন কৃষ্টো সজুয়ে ৷ শেষত ১৯ বছৰ বয়সৰ উৰ্ধৰ শাখাত প্ৰথম স্থানত চাজাহান আলি, দ্বিতীয় স্থানত প্ৰদীপ ভুঞা, আৰু তৃতীয় স্থানত বঁটা লাভ কৰে প্ৰণৱ জ্যোতি ৰাভাই ৷