মিলন
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
: পাৰবীন ,
মুখেৰে নামটো ওলাই পৰিল।
হয়, তাই পাৰবীনে হয়, তাৰ যেন বহুত দিনৰ অভিমান নিমিষতে অন্ত পৰিল। চকু জুৰি চল- চলিয়া হৈ পৰিল।
ৰাস্তাৰ গাড়ী মটৰক আওকাণ কৰি সি ৰাস্তাৰ সিমূৰলৈ বুলি দৌৰ দিলে।
আজি ইমান বছৰ মূৰত সি তাৰ প্ৰিয় মানুহ জনীক দেখা পাইছে,কোনো মতেই হেৰাই যাব নিদিয়ে। গাড়ীৰ কিছুমান ড্ৰাইভাৰে তাক পাগল হোৱা বুলিও কৈ আছে, কৈ থাকক তাৰ নো কি আহে যায়? মুঠতে সি গন্তব্য স্থান পোৱাৰ লক্ষ্যত।
পিন্ধনত ৰঙা পাটিৱালা পেণ্ট আৰু নীলা ৰঙৰ কুৰ্টি আৰু দুপাত্তা মূৰত লৈছে। চুলি কোচা আগৰ নিচিনাই দীঘল আছে, বেনীটো কঁকাল চুইছে। পিছফালৰ পৰা সি মাতিলে,
: পাৰবীন,
তাই ঘূৰি চাই নিজৰ চকুক বিশ্বাস কৰিব পৰা নাই। কিমান বছৰ যে পিছত দেখিছে।
: তুমি , তুমি ইয়াত?
: আগতে কোৱা ক’ত গুছি গৈছিলা তুমি ইমান দিন,? কিমান বিচাৰিছোঁ তোমাক , ক’ত ক’ত বিচৰা নাই ?
: মোৰ কাম আছে ,মই যাওঁ। বুলি তাই যাবলৈ ওলাল।
: ক’ত পলাব বিচাৰি আছা হা ?
নোৱাৰা ক’তো যাব এতিয়া। মই এবাৰ তোমাক বিচাৰি পাইছোঁ যেতিয়া আকৌ হেৰাই যাবলৈ নিদিওঁ।
: মই এতিয়া আৰু তোমাৰ যোগ্য হৈ থকা নাই। মই এতিয়া এগৰাকী মাতৃ।
এতিয়া হে সি কণমানি ছোৱালী জনীক লক্ষ্য কৰিছে, মৰম লগা ছোৱালী জনী মাকৰ হাতত ধৰি সিহঁতৰ বাৰ্তালাপ বুজি নাপালেও শুনি আছিল।
: তুমি বিয়া পাতিলা মানে?sorry তোমাক আমনি কৰিলো, তুমি সুখী হোৱা ।তুমি টো বহুত সুখত…বাকী husband, কি কৰে তেওঁ ,? বহুত ভাল পায় নি তোমাক? মোতকেও বেছি….
: ওচৰতে মোৰ ঘৰ, ব’লা ঘৰত গৈ কথা পাতিম ভাল দৰে। একাপ চাহ খাই আহিবা।
সি মাথোঁ মূৰ দুপিয়ালে। আৰু তাইৰ পিছে পিছে যাবলৈ ধৰিলে ।ঘৰখন সৰু। দুটা কোঠালীৰ আৰু লগতেই কিছেন।তাক বহিব দি তাই চাহ বনাব গ’ল।
: চাহ লোৱা ,
: হুম, পিছে husband চাগে অফিচত গৈছে
: মোৰ husband ৰ লগত দিভৰ্চ হ’ল।
: what, কি কৈ আছা, কেনেকে হ’ল ? তুমি বিচাৰিলে মোক ক’ব পাৰা,
: শুনা তেন্তে, কিন্তু মোৰ কোৱা শেষ নোহোৱালৈকে মাত নিদিবা।
: হু ম
: সিদিনা আব্বাই মোক আৰু তোমাক একেলগত ৰাস্তাৰ কাষত ফুচকা খাই থকা দেখিছিল। মই ঘৰত অহাৰ পিছত সুধিছিল ল’ৰা জন কোন হয় বুলি, মই ভয়ে ভয়ে কৈছিলো- তেওঁ অভিমন্যু বৰুৱা। বহুত খং কৰিছিল মোক খুব মাৰিছিল।মাক গালি পাৰিছিল। মোৰ ফোন দলিয়াই ভাঙি পেলাইছিল। মই বোলে নাক কটা কাম কৰিছোঁ, হিন্দু ল’ৰাক ভাল পোৱা কথাটো সমাজত ওলালে আব্বাৰ মান সন্মান নোহোৱা হ’ব বুলি মোক ৰূম এটাত বন্ধ কৰি থৈছিল ।অকল টাইমত খানা দি আহিছিল। কেইদিন মান পিছত মোক জোৰ জবৰ্দস্তি এজন বন্ধুৰ ল’ৰাৰ লগত বিয়া দি দিলে, মোৰ অমতত। শেষ মূহুৰ্তলৈকে মই অনুৰোধ কৰি গ’লো, ভৰিত পৰি কান্দিলো। কিন্তু কোনেও মোৰ একো কথাই নুশুনিলে।
: তোমাৰ লগত যোগাযোগ কৰিবলৈও নোৱাৰিলোঁ। সকলো প্ৰকাৰৰ চেষ্টা বিফল হৈছিল।ধমকি দি ৰাখিছিল যে – মই তোমাৰ লগত যোগাযোগৰ চেষ্টা কৰোঁ তেন্তে তোমাক মাৰি পেলাব। বিয়াখন হৈ গ’ল। তেওঁৰ লগত মোৰ একো ভালপোৱাৰ সম্পৰ্ক নাছিল, ৰাতি অকল মোৰ শৰীৰৰ লগত অমানৱীয় অত্যাচাৰ কৰিছিল। ভালকৈ মাত এষাৰ দিয়া নাছিল। মোৰ কোনো অস্তিত্ব নাছিল সেইখন ঘৰত। সকলো অত্যাচাৰ সহ্য কৰিছিলো।মোৰ শাহুমায়ে নাতি বিচাৰিছিল। কিন্তু মোৰ কোলাত আহিল মোৰ পৰী জনী। সন্তুষ্ট নহ’ল কোনো এজন মানুহ। মোক কুলক্ষনী আখ্যা দিলে। মোৰ ছোৱালী জনী কান্দি থাকিলেও কোনো এজন মানুহ ওচৰত নাহে একোলা লবলৈ। তাই খোজ কাঢ়িব লৈছিল জন্মদিনৰ দিনাখন। কিন্তু জন্ম দিনৰ উপহাৰ হিচাপে আইতাকৰ চৰ এটা পালে। বহুত হ’ল মই ইমান দিনে সকলো সহ্য কৰিছোঁ বুলি মোৰ ছোৱালীৰ গাত হাত উঠোৱা কোনো পধ্যেই মানি নলও। ডিভৰ্চ পেপাৰখনত চহী কৰি মোৰ ছোৱালী জনীক লৈ ওলাই আহিছিলো।
অলপ সময় নীৰৱ হৈ ৰ’ল দুয়ো।সি উঠি গৈ তাইৰ সন্মূখত আঁঠু কাঢ়ি বহি লৈ ক’লে
: অতীত পাহৰি আকৌ আমি এক হ’ব নোৱাৰোঁ নি? যি হৈ গ’ল বেয়া সপোন বুলি পাহৰি যোৱা।তুমি,মই, আমাৰ কণমানি জনী একলগত থাকিম। না নকৰিবা প্লিচ। তুমি অবিহনে মই বহুত কষ্ট পাইছোঁ আৰু কষ্ট নিদিবা মোক, মৰি যা়ম নহ’লে মই, নোৱাৰোঁ আৰু সহ্য কৰিব।
তাই মান্তি হ’ল। এতিয়া তেওঁলোকৰ এটি সুখৰ পৰিয়াল। অৱশেষত সঁচা ভালপোৱাৰ জয় হ’ল।