মিথুন চক্ৰৱৰ্তীলৈ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা

মিথুন চক্ৰৱৰ্তীলৈ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-   এক দীঘলীয়া সময়জুৰি দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে নিজৰ বলিষ্ঠ কৰ্মদক্ষতাৰে চলচ্চিত্ৰ জগতখনক সবল কৰি ৰখা অভিনেতা মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত এই বঁটা প্ৰদান কৰা হ’ব তেওঁক ৷ ইউনিয়ন মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা এক্সত উল্লেখ কৰে ৷  লক্ষণীয়ভাৱে, ৭৪ বছৰীয়া মিথুন চক্ৰৱৰ্তীয়ে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মৃনাল সেনৰ ১৯৭৬ চনৰ কালজয়ী চিনেমা মৃগয়াৰ সৈতে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ইয়াৰ পিছতো মিথুন চক্ৰৱৰ্তীয়ে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।‘ডিস্ক’ ডান্সাৰ’ৰ পৰা OMGলৈ, ‘জল্লাদ’ৰ পৰা ‘খিলাড়ী ৭৮৬’লৈ এক বৰ্ণিল চলচ্চিত্ৰ জীৱন পৰিক্ৰমা। বাংলা, হিন্দী, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়াৰ পৰা পাঞ্জাৱীত প্ৰায় ৩৫০ৰো অধিক চিনেমা অভিনয় কৰিছিল মিঠুন চক্ৰৱৰ্তীয়ে।