মিঞা বা পাকিস্তানী আদি শব্দই কেতিয়াও ধৰ্মীয় অনুভূতিক আঘাত নকৰে : উচ্চতম ন্যায়ালয়

 মিঞা বা পাকিস্তানী আদি শব্দই কেতিয়াও ধৰ্মীয় অনুভূতিক আঘাত নকৰে : উচ্চতম ন্যায়ালয়

ৰঙিলী বাৰ্ত্তাসেৱা- কাৰোবাক মিঞা-তিঞা বা পাকিস্তানী কোৱাটো বেয়া দেখি যদিও ই অপৰাধ নহয়।  এই শব্দই কেতিয়াও ধৰ্মীয় অনুভূতিক আঘাত নকৰে । কিন্তু ই নিম্ন ৰুচিবোধৰ পৰিচয় বহন কৰে । এক শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে এই মত ব্যক্ত কৰে। সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্না আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এজন ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰীক পাকিস্তানী বুলি কোৱাৰ অভিযোগৰ শুনানি গ্রহণ কৰি এই মত ব্যক্ত কৰাৰ লগতে এই গোচৰটো বন্ধ কৰে। ঝাৰখণ্ডৰ এজন উর্দু অনুবাদক তথা কার্যালয় সহায়কাৰীয়ে দাখিল কৰা অভিযোগৰ শুনানি গ্রহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কয় যে নিঃসন্দেহে এই বক্তব্যই বেয়া আচৰণ দেখুৱায়। অৱশ্যে এই আচৰণে কোনো ধর্মীয় অনুভূতিত আঘাত কৰাটো নুবুজায়। গতিকে, আইপিচি ধাৰা ২৯০ৰ অধীনত আবেদনকাৰীৰ এই অভিযোগ খাৰিজ কৰা হৈছে। মন কৰিবলগীয়া যে তথ্য জনাৰ অধিকাৰ আবেদনত এজন ব্যক্তিয়ে নিজৰ ধৰ্ম আৰু তেওঁৰ চৰকাৰী সেৱাৰ বৰ্ণনা কৰাৰ পাছত আৰটিআইৰ কাৰ্যালয়ে ব্যক্তিজনক মিঞা-তিঞা কিম্বা পাকিস্তানী বুলি ব্যৱহাৰ কৰিছিল। সেই ব্যক্তিজনে পাছলৈ উল্লিখিত আৰটিআইৰ কাৰ্যালয়ৰ তথ্যৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।