মিছন বসুন্ধৰা ৩.০ ৰ ওপৰত কৰ্মশালাৰ আয়োজন
“বৰ্তমান চৰকাৰৰ এনেধৰণৰ পদক্ষেপৰ দ্বাৰা ভৱিষ্যত প্ৰজন্ম উপকৃত হ’ব” : মন্ত্ৰী যোগেন মহন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ প্ৰেক্ষাগৃহত মিছন বসুন্ধৰা ৩.০ ৰ দুদিনীয়া কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ আয়োজন কৰে। আজিৰ এই অনুষ্ঠানত ৰাজ্যখনৰ ভূমি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আলোচনা কৰা হয়।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ৰাজ্যখনৰ ভূমি প্ৰশাসন ব্যৱস্থাৰ ওপৰত এক বিশদ আলোচনা আগবঢ়ায়। তেওঁ মিছন বসুন্ধৰা ৩.০ ৰ বিভিন্ন নিয়মাৱলীসমূহ উপস্থাপন কৰাৰ লগতে মিছন বসুন্ধৰাৰ বিগত পৰ্যায়সমূহৰো পৰ্যালোচনা কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ভাষণ প্ৰসংগত কয় যে ভূমি সম্পৰ্কীয় বিষয়বোৰ সাৱধানেৰে সমাধান কৰিব লাগিব। তেওঁ এই ক্ষেত্ৰত সমস্যাসমূহৰ সৰলীকৰণৰ বাবে ৰাজহুৱা সভা আদিৰ জৰিয়তে জনসম্পৰ্ক ৰক্ষা কৰাৰ পোষকতা কৰে। তেওঁ লগতে কয় যে যদি এই বিষয়বোৰ আন্তৰিকতাৰে আৰু নিখুঁতভাৱে সম্পাদন কৰা হয়, তেনেহʼলে জনসাধাৰণ উপকৃত হ’ব।
উক্ত অনুষ্ঠানত বিভাগীয় মন্ত্ৰী যোগেন মহন, স্বমিত্বৰ জ্যেষ্ঠ পৰামৰ্শদাতা নজৰুল ইছলামকে আদি কৰি অসমৰ বিভিন্ন জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, মহকুমাধিপতি, চক্ৰবিষয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।