মিকিৰভেটাৰ শিলপুখুৰীত তিনিদিন তিনি নিশা পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল ছয় সন্তানৰ পিতৃ 

মিকিৰভেটাৰ শিলপুখুৰীত তিনিদিন তিনি নিশা পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল ছয় সন্তানৰ পিতৃ 

আদিলুৰ ৰহমান,ধিঙ,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন শিলপুখুৰীত ছয় সন্তানৰ পিতৃয়ে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক তিনিদিন তিনি নিশা ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হল । জানিব পৰা মতে, শিলপুখুৰী গাঁৱৰ কিতাব আলীৰ পুত্ৰ তথা লম্পট চহিদুল ইছলামে যোৱা ৩১ মাৰ্চ ৰ নিশা ১২ বজাত একে গাঁৱৰে কৰ্মসূত্ৰে বাহিৰত থকা আবুল কাসেমৰ কন্যা তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰীক মূখত হুপা দি গাড়িৰে অজ্ঞাত স্থানত লৈ গৈ ধৰ্ষণ কৰি যোৱা ৩ এপ্ৰিলৰ ৪ টা মান বজাত ৰাস্তাত পেলাই থৈ যায়। নাবালিকাৰ মাতৃয়ে বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ছহিদুল ইছলামক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে লম্পট ছহিদুল ইছলামে শিলপুখুৰীৰ মাইনুল হকৰ হত্যা কাণ্ডৰ লগত জড়িত আছিল আৰু অঞ্চলটোৰ বিভিন্ন অ-সামাজিক কাৰ্য কলাপৰ লগত জৰিত আছে বুলি অঞ্চলটোৰ একাংশ ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে।