মা – ভাস্বতী কাশ্যপ

PC - FirstCry Parenting

মা

পুৱাই যিয়ে কোমল মাতেৰে
কৰে সুখৰ আহ্বান,
তেওঁৱেই মোৰ চেনেহী মা
আছে জানো তেওঁৰ সমান কোনো আন ?
সপোনক কৰে দিঠকত পৰিণত
লয় সংসাৰক জানি,
তেওঁৱেই মোক হাতত ধৰি ধৰি
কয় আগবঢ়াই আহি-
“সেইটো তিতা , এইটো মিঠা
এইটো টেঙা ফল,
তিনিও বিধে খালে তুমি
পাবা গাত বল |”
আই মোৰ জননী
আই মোৰ চেনেহী
আই মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী।

ভাস্বতী কাশ্যপ, অষ্টম শ্ৰেণী,
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়