মালিগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মালিগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মেধাৱী ছাত্র-ছাত্রীসকলক সম্বৰ্ধনা তথা বৃত্তি প্ৰদান উপলক্ষে আজি মালিগাঁও বৰিপাৰাৰ তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে৷সভাত মুখ্যমন্ত্ৰীয়ে কীর্তিমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ আৰু অভিভাৱকসকলক অভিনন্দন জ্ঞাপন কৰে।অনুষ্ঠানত ছাত্র-ছাত্রীসকলক তেওঁলোকৰ সংকল্পবোৰক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ লগতে আহিবলগা পৰিৱৰ্তনসমূহৰ বিষয়ে অৱগত হৈ আগবাঢ়ি একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলৈ নিজকে প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।