মান পৰীক্ষণত বিফল দেশৰ বজাৰত প্ৰচলিত ১১১বিধ ঔষধ
ৰঙিলী বাৰ্ত্তাসেৱা- চেন্ট্রেল ড্ৰাগছ ষ্টেণ্ডার্ড কন্ট্র’ল অর্গেনাইজেচন(চিডিএছচিঅ’)ই চলোৱা ঔষধৰ মান নিৰীক্ষণ পৰীক্ষাত বহুল ভাৱে প্রচলিত ১১১বিধ ঔষধ মান পৰীক্ষণত বিফল হৈছে। অর্থাৎ বজাৰত প্ৰচলিত ১১১বিধ ঔষধ নিম্নমানৰ। চিডিএছচিঅ’ই প্ৰকাশ কৰা মতে, ১১১ বিধ ঔষধৰ ভিতৰত ৪১বিধ কেন্দ্ৰীয় লেবৰেটৰীত পৰীক্ষণ কৰাৰ বিপৰীতে ৭০বিধ ঔষধ ৰাজ্যিক লেবৰেটৰীত পৰীক্ষা কৰা হৈছে। এই ঔষধৰ নমুনা পৰীক্ষণ কৰাত ঔষধকেইবিধ নিম্নমানৰ বুলি নিশ্চিত হৈছে। বজাৰত উপলব্ধ ১১১বিধ ঔষধৰ মান নিম্ন হোৱাৰ তথ্য নিশ্চিত হোৱাৰ পিছতে চিডিএছচিঅ’ই বজাৰত সতৰ্কবাণী জাৰি কৰিছে। এই ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক ইতিমধ্যে এই সন্দর্ভত জাননী জাৰি কৰা হৈছে। বজাৰৰ পৰা শীঘ্ৰেই এই ঔষধসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশো দিয়া হৈছে। লক্ষণীয় যে ঔষধৰ এই মান নিৰীক্ষণৰ সময়ত দুবিধ ঔষধ বিষাক্ত বুলিও ধৰা পৰিছে। এই ঔষধ দুবিধৰ ভিতৰত এবিধ বিহাৰ ড্ৰাগ্ কন্ট্র’ল অথ’ৰিটীয়ে ধৰা পেলাইছে আৰু আনবিধ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ধৰা পৰিছে। উল্লেখ্য যে এই ঔষধ দুবিধ প্ৰস্তুত কৰা কোনো কোম্পানীৰ নাম উল্লেখ নাই। ১১১বিধ ঔষধৰ ভিতৰত বহুল ব্যৱহৃত পান ডি আৰু এন্টিবায়’টিক-৬২৫ আছে। এই ঔষধ দুবিধ এলকেম লেবৰেটৰিছ আৰু গ্লাক্সোস্মিথ ক্লিন ফার্মাই প্ৰস্তুত কৰিছে। নিম্নমানৰ ঔষধৰ ভিতৰত চিপলাৰ টোফাজাক টেবলেট আৰু ইণ্টাছ ফাৰ্মাৰ মনীত এছআৰ-৩০ টেবলেটো আছে।