মানৱ জীৱন
এছ, ইছলাম, শিক্ষক, বৰপেটা
মানুহৰ জীৱন বৰ ৰহস্যময়
কৰ্মৰ দ্বাৰাই ইয়াক জোখা হয়
মানুহৰ জীৱন অমূল্য ৰতন
যদি ল’ব পাৰোঁ সঠিক যতন।
একেই ৰক্ত একেই মঙহ
একেই ইভ-আদামৰ বংশ
একেই জীৱন একেই যৌৱন
একেই মাকৰ গৰ্ভত জন্ম গ্ৰহণ।
কিছুমানে উৰে আকাশত
কিছুমানে সাঁতোৰে পানীত
কিছুমানে থাকে স্বৰ্ণ মন্দিৰত
কিছুমানে থাকে গছৰ তলত।
কণ্টকময় জীৱন যেন গোলাপৰ পাহি
কচুপাতৰ পানীৰ দৰে পাবলে নাই
কীৰ্তিহে চিৰদিনলৈ স্তম্ভৰ দৰে ৰয়
হাঁহি আৰু কান্দোনৰ অপূৰ্ব মিলন
এয়েই হায় মানৱ জীৱন।