মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

হৰিচন্দ্ৰ শৰ্মা সভাপতি, সাধাৰণ সম্পাদক গণেশ দত্ত, সম্পাদক পদত জয়প্ৰকাশ শৰ্মা মনোনীত
৪ বছৰত সংগ্ৰহ ৯,৬৩,৪১৬ টকা, খৰছ ৫,৪৯,৭৫৯ টকা জমা ৰৈছেগৈ ৪,১৩,৬৫৭ টকা
চাৰি ৰোগীলৈ কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ ৪৫ হাজাৰ টকা প্ৰদান

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  ‘হাতত ৰচিদ বহী লৈ দোকানে দোকানে, ঘৰে ঘৰে চান্দা বিচাৰি নগৈ, একাংশ মানৱদৰদী ব্যক্তিয়ে নিজৰ জন্মদিন, বিবাহ বাৰ্ষিকী আদি বিভিন্ন উপলক্ষত স্ব ইচ্ছাই আগবঢ়োৱা বৰঙণিক সাৰথি কৰি ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ নামৰ সংগঠনটোৱে যি এক মানৱ সেৱাৰ আন্দোলন গঢ়ি তুলিছে; সেয়া সঁচাই প্ৰশংসনীয়। এই আন্দোলনে বহু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ ৰোগীক জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ লগতে কিতাপ বহী লাভ কৰি বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত মনোনিবেশ কৰিব পাৰিছে।’- এই ভাষ্য ‘কৰুণাধাৰা’ ন্যাসৰ প্ৰতিষ্ঠাপক কোষাধ্যক্ষ মনোজ কুমাৰ শৰ্মাৰ। মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত আজি হোৱা মানৱতাবাদী সংগঠন ‘মানুহে মানুহৰ বাবে—, দৰং, অসম’ৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ সভাত তেওঁ লগতে কয়, ‘২০২০ চনৰ ১১ অক্টোবৰৰ নিশা হোৱাটচ এপ গ্ৰুপৰ জৰিয়তে গঠন হোৱা এই সংগঠনটোৰ কৰ্মৰ সুৱাস ইতিমধ্যে চৌদিশে বিয়পি পৰিছে আৰু বহুতৰ বাবে ই আদৰ্শ হৈ পৰিছে।’ আজি দিনৰ ১১ বজাত সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত হোৱা এই সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বাসৱ চন্দ্ৰ ডেকাই। সংগঠনটোৰ সদস্য ক্ৰমে- বিন্দাবালা দাস, আয়েশা বিলকিচ আৰু অমৃত চন্দ্ৰ ডেকাৰ সোঁৱৰণত শোক প্ৰকাশ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক গণেশ দত্তই। সম্পাদক জিতুমণি চহৰীয়াই সম্পাদকীয় প্ৰতিবেদনত মাত্ৰ চাৰি বছৰত বিভিন্ন জনে স্ব ইচ্ছাই আগবঢ়োৱা ৯,৬৩,৪১৬ টকাৰ ৫,৪৯,৭৫৯ টকা বিভিন্ন মানৱ সেৱা কামত ব্যয় কৰি এতিয়াও ৪,১৩,৬৫৭ টকা পুঁজিত জমা থকাৰ কথা উল্লেখ কৰে। বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, য়ুথ ক্লাব মঙলদৈৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, সংগীত শিল্পী দ্বিজেন্দ্ৰ মোহন শৰ্মা, কৌপাটীৰ বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা কুঞ্জ দেৱী, বিশিষ্ট সাংবাদিক শংকৰ কাকতি, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, অসম চৰকাৰৰ ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, লেখিকা জাহ্নৱী চক্ৰৱৰ্তীকে ধৰি শতাধিক লোক উপস্থিত থকা এই সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মাক সভাপতি, কুঞ্জ দেৱী, শেখৰ মজুমদাৰ, কুশল কলিতাক সভাপতি, গণেশ দত্তক তৃতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক, জয়প্ৰকাশ শৰ্মাক সম্পাদক, এনী ভূঞা ডেকা, কমল ভৰদ্বাজ, পংকজ চহৰীয়াক সহকাৰী সম্পাদক; গোলোক বৰাক কোষাধ্যক্ষ, জিতুমণি চহৰীয়া, ৰাতুল ডেকা, মইনুল হক শইকীয়া, তৃষ্ণা হাজৰিকা, প্ৰাঞ্জল শৰ্মা, জয়ন্ত শৰ্মা, পবিত্ৰ হাজৰিকা, যুতিকা নাথ, কংকন গোস্বামী, ধ্ৰুৱজ্যোতি বৰা, পুৰন্দৰ চমুৱা, মীৰা হাজৰিকা, জিতুমণি হাজৰিকা, বিনীতা চহৰীয়াক সদস্য হিচাপে লৈ এখন ২৫ জনীয়া নতুন সমিতি গঠন কৰা হয়। সভাত কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ তৰফৰ পৰা চাৰিজন ক্ৰমে- মঙলদৈ মিলনপুৰৰ সোণটি দাসক ১৫ হাজাৰ টকা, চমুৱাপাৰাৰ জিতেন ডেকাক ১৫ হাজাৰ টকা, পিপৰাদোকানৰ হৰেন্দ্ৰ নাথক ১০ হাজাৰ টকা, ব্যাসপাৰাৰ জুলি বেগমক ৫ হাজাৰ টকাকে ধৰি মুঠ ৪৫ হাজাৰ টকা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে সভাপতি আনোৱাৰ হুছেইনে মহামানৱ মহাত্মা গান্ধী আৰু মুক্তিযোদ্ধা ৰত্নেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, উপসভাপতি কুঞ্জ দেৱীয়ে মাল্যাৰ্পন কৰে। ইপিনে শিৱসাগৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা মিৰণ দেৱীয়ে মুক্তিযোদ্ধা ৰত্নেশ্বৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে। এই প্ৰতিযোগিতাত পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।