মানুহ লাগে – মুন শৰ্মা

মানুহ লাগে

 মুন শৰ্মা, লখিমপুৰ

সমগ্ৰ জীৱনৰ  সমস্ত সময়,
মানুহক মানুহ লাগে,
নালাগে কত  প্ৰতি দিনত জীৱনে,
এটি এটি পৃষ্ঠা সাজিব লাগে জীৱন ডায়েৰীত।
সুখ ভগাব দুখ প্ৰকাশত হাঁহিত, কান্দোনত,
খং বোৰ কৰিবা কাক! মানুহ লাগিব,
প্ৰতিবাদ কৰিবা ক’ত, মানুহৰ লগতে,
হিংসা তাপত পৰিবলৈতো মানুহ লাগিব।
মৰম বোৰ উপচাই দিবলৈ কোনোবা জন লাগিব।
অভিমান বোৰ হিয়া উজাৰি দেখাবা কাক
মানুহ লাগিব ন!
হেৰুৱা সময় স্মৃতি যেতিয়া হ’ব,
নষ্টালজিক বুকুত উমলি ফুৰিবলৈতো মানুহ লাগিব।
মাত্ৰ মানুহ লাগিব,
শৈশৱ, কৈশোৰ, যৌৱন, বৃদ্ধকাল সকলোতে,
মানুহ লাগিব, মানুহ লাগিব মানুহ লাগিব।