মানুহৰ কথা-বতৰাতে গম পোৱা যায় ঘৰুৱা সংস্কাৰৰ কথা
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ অসমীয়াত এষাৰ কথা আছে যে,’কথাতে কটা যায়,কথাতে বঁটা পায়’। ইয়াৰ অৰ্থ হয়তো বেলেগকৈ বুজাবলৈ প্ৰয়োজনো নাই নহয়নে ? আমাৰ মুখেৰে ওলাই পৰা প্ৰতিটো বাক্য বা শব্দতে বহুত খনি কথা অন্তৰ্নিহিত হৈ থাকে। সেইকাৰণে কথা কওঁতে বহু সাৱধানতা অৱলম্বন কৰিব লাগে। আচলতে কথা দুই ধৰণৰ হ’ব পাৰে যেনে,নাকাৰাত্মক আৰু সাকাৰাত্মক। এতিয়া কথা হ’ল আপুনি কেনেকুৱা ধৰণৰ মানুহ হয় সেই কথাবোৰ আপোনাৰ ভাব-ভংগিমা,কথা-বতৰাতে ধৰিব পাৰি। আনহাতে আপোনাৰ জীৱনত গঢ় লৈ উঠা আচাৰ, ব্যৱহাৰ, ব্যক্তিত্ব, মানবতাবোধ আদি কোনো হঠাৎ একেদিনাই সৃষ্টি বা তৈয়াৰ কৰিব পৰা বিষয়-বস্তু নহয়। এই সকলোবোৰ কথা মানুহৰ জন্মৰ পৰা লাহে লাহে কৰি গঢ় লৈ উঠিব ধৰে। গতিকে মানুহ এজনক প্ৰকৃত মানুহৰ তালিকাত অন্তৰ্ভূক্ত হ’বলৈ হ’লে ঘৰুৱা সংস্কাৰবোৰৰ অতিকৈ প্ৰয়োজনীয়তা আছে। কাৰণ সঁচা অৰ্থত কবলৈ গ’লে মানুহৰ কথা-বতৰাতে গম পোৱা যায় ঘৰুৱা সংস্কাৰৰ কথা । আত্মীয়- সম্বন্ধীয়, লগৰীয়া আৰু ওচৰ,চুবুৰীয়া আদি সকলোবোৰ মানুহৰে হয় ইতিবাচক নহয় নেতিবাচক প্ৰভাৱ আমাৰ জীৱনত পৰা দেখা যায় যদিওঁ প্ৰকৃততে এজন মানুহৰ জীৱনত একেবাৰে সঠিক প্ৰভাৱ সমূহ প্ৰথমতে নিজে বসবাস কৰা ঘৰখনৰে পৰা আৰম্ভ হয়। ইয়াৰ উপৰিওঁ এইখিনিতে কথা এটা উল্লেখ কৰি থওঁ যে, আজিকালি মানুহৰ চিন্তাধাৰাবোৰ বৰ যান্ত্ৰিক হৈ পৰিছে। ইয়াৰ উপৰিও বৰ্তমান সময়ত তেজপিয়া জীৱৰ দৰে মানুহে মানুহক চাই ৰং সলনি কৰাৰ ঠায়ে ঠায়ে বহু উদাহৰণো পোৱা যায়। সেয়েহে বৰ্তমানে ধৰিবলৈ বৰ জটিল হৈ পৰে কোন কেনেকুৱা ধৰণৰ মানুহ হয়। সেয়েহে কেবল মানুহৰ কথা-বতৰাৰ ওপৰতে ভিত্তি কৰিয়ে বৰ্তমান সময়ত মানুহৰ স্বভাৱ-চৰিত্ৰ, ব্যক্তিত্ব, আৰু মানসিকতাৰ ইমান সঠিক আকলন কৰাটো সম্ভৱপৰ নহয়। তথাপিওঁ মানুহৰ মনৰ মাজত অন্তৰ্নিহিত হোৱা হোৱা ভাবধাৰাবোৰ কেৱল একমাত্ৰ মানুহৰ কথা-বতৰাবোৰৰ জৰিয়তে গম পোৱা যায়। সেয়েহে পাৰিলে নেতিবাচক কথা কোৱা মানুহৰ কথাবোৰ ত্যাগ কৰি চলিবলৈ চেষ্টা কৰক। আৰু যদি সেইটো সম্ভৱপৰ হৈ উঠা নাই তেন্তে নেতিবাচক কথা কোৱা ব্যক্তিসকলকে নিজৰ জীৱনৰ পৰা বহু আতৰ কৰি দিয়ক।