মানুহৰ ওজন বাঢ়িলে সন্মানো অধিক বিচাৰে – চন্দ্ৰ শেখৰ পৰাজুলী

PC La-Prima-Casa-Montessori

মানুহৰ ওজন বাঢ়িলে সন্মানো অধিক বিচাৰে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

যেতিয়া এজন মানুহ অসহায় অৱস্থাত থাকে ঠিক তেতিয়া মানুহে নিজা আশ্ৰয় থলি বিচাৰে। আৰু হালে হালে কৰি ব্যক্তি এজন যেতিয়া সমৃদ্ধিশালী হৈ পৰে ঠিক তেতিয়া মানুহবোৰে সন্মান আয়ত্ব কৰিবলৈ অগ্ৰসৰ হোৱা দেখা যায়। অৰ্থাৎ ধন-সম্পত্তি নাথাকিলে মানুহে ধন-সম্পত্তিবোৰ সংগ্ৰহ কৰিবলৈ ব্যাকুল হৈ পৰা দেখা যায়। আৰু যেতিয়াই মানুহে ধন-সম্পত্তিবোৰৰ জৰিয়তে পৰিপূৰ্ণ হৈ পৰে তেন্তে তেতিয়া মানুহে নিজৰ মান-সন্মান বৃদ্ধি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা যায়। মই কোৱা কথাষাৰৰ প্ৰকৃত তাৎপৰ্য এইটোৱে যে,মানুহৰ ওজন বাঢ়িলে সন্মানো অধিক বিচাৰে ।

মান-সন্মান ,পদ-প্ৰতিষ্ঠা এই সংসাৰত বসবাস কৰা সুস্থ সবল সকলোবোৰ মানুহৰে অতিকৈ প্ৰিয় বুলি ক’লেও ভুল নহ’ব। সকলোবোৰ মানুহে নিজ নিজ সমাজত প্ৰতিষ্ঠিত হৈ সন্মানিত হোৱাৰ মনসা অন্তৰত ঘৰ কৰি থাকে। এইটো একেবাৰে মানুহৰ স্বতফূৰ্ত প্ৰবৃত্তি বুলি ক’ব পাৰি। এজন মগনীয়া মানুহৰ পৰা আৰম্ভ কৰি একেবাৰে সফলতাৰ শিখৰত উপনীত হোৱা মানুহৰো নিজ নিজ দিশত সন্মানিত হোৱাৰ অত্যন্ত বাসনায়ে ঘৰ কৰি থাকে। এইখিনিতে কথা এটা উল্লেখ কৰি দিওঁ যে, কেৱল অজস্ৰ পৰিমাণে ধন, সম্পত্তি আয়ত্ব কৰিলেও হয়তো কোনো এজন ব্যক্তি নিজ নিজ সমাজত সন্মানিয় পাত্ৰ ৰূপে পৰিগণিত নহ’বও পাৰে। সেয়েহে বেচিভাগ ক্ষেত্ৰতে অজস্ৰ পৰিমাণে ধন সম্পত্তি আয়ত্ব কৰাৰ পিছত তেনেধৰণৰ ব্যক্তিসকলে অত্যাধিক ৰূপত মান, সন্মান, পদ-প্ৰতিষ্ঠা আয়ত্ব কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা যায়। কাৰণ ধন-সম্পত্তি জৰিয়তে উৎপন্ন হোৱা শাৰীৰিক গৰমৰ পৰিমাণ জোখতকৈ বেছি হোৱা পৰিলক্ষিত হয়। হ’ব পাৰে ধন সম্পত্তি আয়ত্ব কৰাৰ লগে লগে বৰ্তমান সময়ত সমাজত তেওঁৰ স্থান আনতকৈ কিছু পৃথক হোৱা পৰিলক্ষিত হয়। তথাপিও মান সন্মান প্ৰদান কৰা কাৰ্যটো মানুহৰ এক আন্তৰিক গতিবিধি। সেয়েহে ধন সম্পত্তিৰ জৰিয়তে সমাজৰ অন্যান্য মানুহৰ তুলনাত নিজৰ কিছু ওজন বৃদ্ধি কৰিবলৈ সক্ষম হ’লেই সকলোবোৰ মানুহৰে আন্তৰিক ৰূপত সন্মানিত ব্যক্তি হৈ পৰাটো যথেষ্ট কঠিন যেন অনুভৱ হয়। অবশ্য ইয়াৰ উপৰিও মানুহৰ যিকোনো দিশতেই নিজৰ অতীতৰ তুলনাত কিছু অধিক ওপৰলৈ উঠি যাবলৈ সক্ষম হয় তেন্তে বেচিভাগ মানুহে নিজৰ প্ৰকৃত অস্তিত্বৰ পৰা আতৰি আহি জোখতকৈ অধিক প্ৰাপ্তিৰ প্ৰতি অগ্ৰসৰ হোৱা দেখা যায়। অৰ্থাৎ মানুহে নিজ নিজ দিশত যিদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ঠিক সেইদৰে মান সন্মান প্ৰাপ্তিৰ প্ৰতি অধিক লালসা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। আৰু যিবোৰ মানুহে এইবোৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই আনিবলৈ সক্ষম হয় তেওঁলোকেই হ’ল প্ৰকৃত অৰ্থত এজন সঁচা মানুহ।