মানুহে নিজৰ লাভালাভ চাই সিদ্ধান্তবোৰত  সালসলনি কৰে – চন্দ্ৰ শেখৰ পৰাজুলী

PC Kepner-Tregoe

মানুহে নিজৰ লাভালাভ চাই সিদ্ধান্তবোৰত  সালসলনি কৰে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

শুনিবলৈ যদিও বৰ বেয়া লাগে তথাপিও আমি প্ৰতিজন মানুহৰে জীৱনৰ আচল সত্যটো হ’ল জীৱন মানেই হ’ল স্বাৰ্থপৰ। অৰ্থাৎ আমি প্ৰতিজন মানুহৰ দ্বাৰা সম্পাদন কৰা যিকোনো ধৰণৰ কৰ্মতে স্বাৰ্থ অন্তৰ্নিহিত হৈ থাকে। কাৰণ মানুহে যিকোনো কৰ্ম কৰিবলৈ যাওতে প্ৰথমতে সেই কৰি থকা কৰ্মৰ পৰা লাভালাভৰ বিষয়ে নিৰুপন কৰি লয়। এতিয়া কথাটোৰ আচল তাৎপৰ্য এইটোৱে যে,মানুহে নিজৰ লাভালাভ চাই সিদ্ধান্তবোৰত  সালসলনি কৰে । উদাহৰণ স্বৰূপে আমি প্ৰায় প্ৰতিজন মানুহে লক্ষ্য কৰিছোঁ নাইবা নিজেই এনেধৰণৰ পৰিস্থিতি সন্মুখীন হৈছোঁ যে, যেতিয়া আমি খাই থকা চাহৰ কাপত যদি কৰবাৰ পৰা মাখি এটা উৰি আহি পৰে তেন্তে আমি প্ৰায় প্ৰতিজনে মানুহে হয়তো কাপত খাই থকা গোটেইখিনি চাহ পেলায় দিওঁ। কিন্তু যেতিয়া সেই একেটা উৰি থকা মাখি যদি ঘি’হৰ বটলত আহি পৰে তেন্তে প্ৰত্যেকজন মানুহে হয়তো ঘি’হত পৰি থকা মাখিটো উলিয়ায় পেলায় দিওঁ আৰু ঘি’ খিনি খোৱাৰ বাবে প্ৰয়োগত লৈ আহো। অৰ্থাৎ উপৰোক্ত আলোচনা জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিল যে,মানুহে নিজৰ লাভালাভ চাই সিদ্ধান্তবোৰত  সালসলনি কৰে নহয়নে ? কিন্তু আমি প্ৰত্যেকজন মানুহে  সকলোবোৰ বিষয়তে লাভজনক স্থিতিৰ প্ৰতি আকৃষ্ট হৈ নিজ নিজ সিদ্ধান্তবোৰ সেইমতে গ্ৰহণ কৰাটো কিমান যুক্তিসংগত কথা‌ ? সঁচা অৰ্থত কবলৈ গলে পৃথিৱীৰ বৰ্তমান সময়ত জন্মগ্ৰহণ কৰা সকলোবোৰ মানুহ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ আৰু অধিক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলস্বৰূপে মানুহৰ মানুহৰ মাজত এতিয়াৰ সময়ত আত্মীয়তা,মৰম, চেনেহৰ,ভাতৃত্ববোধ আদি দিনক দিনে কমিবলৈ ধৰা দেখিবলৈ পোৱা যায়। আচলতে স্বাৰ্থ অবিহনে জীৱন নিৰ্বাহৰ বাবে কষ্টকৰ হয় যদিও একেবাৰে প্ৰতিটো বিষয়তে লাভাজনক স্থিতিৰ পিছত দৌৰিবলৈ আৰম্ভ কৰি দিয়া যায় তেন্তে  অনাগত দিনবোৰত আমি এতিয়াৰ তুলনাত আৰু অধিক ৰূপত ভয়াবহ পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হ’ব পাৰে। গতিকে আমি যদি নিজৰ লাভালাভ চাই সিদ্ধান্তবোৰত সালসলনি কৰাৰ পৰিৱৰ্তে যদি পৰাপক্ষত নিস্বাৰ্থ ৰূপত সদায় যদি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰো তেন্তে এই আধুনিকতা, যান্ত্ৰিকতাৰ জীৱন শৈলীৰ মাজতো শান্তি আৰু  সুন্দৰতাৰ স্থিতিবোৰ বিচাৰি পাবলৈ সক্ষম হ’ম। আমি আমাৰ মৃত্যুৰ পিছত প্ৰায়বোৰ মানুহে হয়তো স্বৰ্গৰ সুখবোৰ পোৱাৰ কল্পনা কৰি থাকো। কিন্তু কেতিয়াবা আমি বসবাস কৰা ঠাইবোৰকে স্বৰ্গৰ সমতুল্য কৰিবলৈ কিমানবোৰ মানুহে চেষ্টা অব্যাহত ৰাখিছোঁ ?