“মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” – লক্ষ্যধৰ দাস

pc VKV, Golaghat

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ

লক্ষ্যধৰ দাস

শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ

গুৰু নাহি দুইতপৰ ।

দুহান নামক কীৰ্ত্তন কৰিয়া

কৃত কৃত হোৱে নৰ ।।

(ন-ঘোষা, পুৰুষোত্তম ঠাকুৰ)

 

            যি যাৰ জীৱন-চৰিত্ৰ  লেখে  লিখকজন সেইজনৰ প্ৰতি শ্ৰদ্ধাবান নহলে, তেওঁ লেখা কথাত প্ৰাণ নাথাকে; কাৰণ তেওঁৰ বিচাৰ-বিবেচনা আৰু দৃষ্টি সেইজনৰ ওপৰত প্ৰায়ে বেঁকা হৈ পৰে । পিতা-মাতাৰ মহত্ব, মহানুভৱতা, অন্তৰৰ কমনিয়তা, উদাৰতা সন্তানৰ বাহিৰে কোনে সুন্দৰকৈ সৰ্বোতভাৱে  প্ৰকৃতৰূপে  বুজিব ? শংকৰদেৱক বুজিবলৈ মাধৱদেৱ আৰু নাৰায়ণ ঠাকুৰক লাগে; মাধৱদেৱক বুজিবলৈ মথুৰা দাস আৰু বদুলা আতাক লাগে আৰু শ্ৰীমদ্ভাগৱত বুজিবলৈ ব্যাসদেৱ আৰু শুকদেৱক লাগে । যিজনৰ বা যি বিষয়টোৰ মৰ্ম বুজিব খোজা, সেইজনৰ বা সেই বস্তুটোৰ প্ৰতি তোমাৰ প্ৰকৃত শ্ৰদ্ধা আৰু ভক্তি নহ’লে তাৰ মৰ্মত প্ৰৱেশ কৰি তাক ঠিককৈ কেতিয়াও বুজিব নোৱাৰা এইটো নিশ্চিত। এই বাবেহে শ্ৰীমদ্ভাগৱত বুজাৰ সম্পৰ্কে ব্যাসদেৱে কৈছিল “ভক্ত্যা ভগতং বেত্তি নচ টীকয়া।” – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে শ্ৰী শ্ৰী মাধৱদেৱ গ্ৰন্থৰ পাতনিতে উপৰোক্ত কথাখিনি উল্লেখ কৰিছে। শ্ৰীমদ্ভাগৱত শাস্ত্ৰ পঢ়ি তাৰ মৰ্ম বুজা সকলোৰে পক্ষে সহজসৈধ্য নহয় সেয়েহে মহাপুৰুষ গুৰু দুজনাই ভগৱত অসমীয়ালৈ অনুবাদ কৰি সকলোৱে হৃদয়ংগম কৰিব পৰাকৈ সহজসাধ্য কৰি তুলিছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই মাহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞা অনুসৰি ‘নামঘোষা’ ৰচনা কৰি পৃথিৱীৰ সমস্ত ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম নামঘোষাত সন্নিৱিষ্ট কৰিছে।

            মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আছিল অভেদ আত্মা। পৰম শিষ্য মাধৱদেৱ গুৰু শংকৰদেৱৰ সেৱক হিচাপে শ্ৰদ্ধা আৰু ভক্তিৰে গুৰুসেৱা কৰি গৈছিল। কিন্তু শংকৰদেৱে মাধৱদেৱক নিজৰ শিষ্যতকৈ পৰম বান্ধৱ জ্ঞান কৰিছিল। মাধৱ গুৰুসেৱাৰ বাবে অহাত শংকৰদেৱক কন্যাই গৈ ক’লে, “পিতা তোমাৰ মাধৱ বন্ধৱ আহিছে।“ মাধৱদেৱক বান্ধৱ বুলি কোৱা শুনি আপ্লুত হৈ শংকৰদেৱে জীয়েকক মৰমেৰে ক’লে, “ আই তুমি মাধৱক মোৰ বান্ধৱ বুলি জানিলা; তুমি ধন্যা।“ – “ধন্য ধন্য আই তুমি দুহিত্ৰী জন্মিলা। মাধৱক জানি তুমি সাৰ্থক লভিলা” ইয়াৰ উপৰিও শংকৰদেৱ তীৰ্থলৈ যাওতে যি স্থানত নিশা থাকে তাত মাধৱদেৱকো একেলগে শয়ন কৰিব দিলে, মাধৱদেৱে গুৰক সকলো যা যোগাৰ কৰি দি তলত শয়ন কৰি কয়,”বাপ এনে কথা নুবুলিব, এই অধম আপোনাৰ লগত শয়ন কৰিবৰ পাত্ৰ নহওঁ।” গুৰুজনে হাস্য্ কৰি ক’লে,” বঢ়াৰ পো তোমাৰ আমাৰ ভিন্ন ভাব নাই; একো সংশয় কৰিব নালাগে।”- মাধৱ দেৱৰ দৰে এজন বিদগ্ধ পণ্ডিতৰ এনে গুৰু ভক্তি,গুৰু সেৱা আৰু দাস্যবিনয় ভাব ভক্তি  (বৈষ্ণৱ) ধৰ্মত শিকিবলগীয়া মূল কথা। ভকত আৰু ভগৱন্ত অভিন্ন, গুৰুজনে সদায়ে মাধৱদেৱক ওপৰত ৰাখিছিল। গুৰু শিষ্যৰ শ্ৰদ্ধা ভক্তিৰ এনে বৰ্ণনা ‘গুৰু চৰিত’ পুথি সমূহত পোৱা যায়। তাতকৈ অধিক সহজকৈ মহাপুৰুষ দুগৰাকীক জানিবলৈ আৰু বুজিবলৈ হ’লে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰদেৱৰ লিখনি সমূহ পঢ়ি হৃদয়ংগম কৰিব লাগিব।

শঙ্কৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি

ভকতি প্ৰদীপ জ্বলাই থৈলা ।

মাধৱ স্বৰূপে আসি তাতে তৈল বন্তি দিয়া

অজ্ঞান আন্ধাৰ দূৰ কৈলা ।।

 (ন-ঘোষা, পুৰুষোত্তম ঠাকুৰ)