মাথো তোমাৰ বাবেই.. – ড° লখিমী গগৈ

PC - Vecteezy

মাথো তোমাৰ বাবেই..

ড° লখিমী গগৈ, গুৱাহাটী

ফাগুন হৈ অহা

তেওঁ মোৰ জীৱনত

বহাগ হৈ ৰৈছিল ।

বসন্তৰ ৰাগীত

মতলীয়া কৰিছিল

প্ৰাণ ।

এতিয়া জীৱন

কেৱল সেউজীয়া

মাথো সেউজীয়া ।

নাহৰ , তগৰৰ সুৱাসত

 উদ্ভাসিত সময়।

কেউফালে যেন

ঢোলৰ গুমগুমনি।

অজানিতে ভাহি আহে

এটি মিচিকি হাঁহি ,

ৰামধেনুৰ সাতো ৰং

কোনে সানি দিলে

মোৰ ওঠত আহি !

গোপনে…

গুপুতে…

জীৱন সুন্দৰ

তোমাৰ বাবেই

মাথো

তোমাৰ বাবেই ।