মাথোঁ অপেক্ষা- শুৱলা বৰ্মন

Pc Stocksy

মাথোঁ অপেক্ষা

শুৱলা বৰ্মন ,গুৱাহাটী

মোৰ এটি মন আছে এই বিশাল পৃথিৱীত
সুখ শান্তিৰে জীয়াই থাকিবলৈ,
এখন মুক্ত আকাশৰ তলত
আনৰ দুখ দুৰ্গতি মোছন কৰিবলৈ।

যিদিনা পৃথিৱীত সুখ শান্তি আহিব
সকলোৰে মন পবিত্ৰ হব,
ভাই ভাই মাজত কাজিয়া নহব
সিদিনাই মন সুখী হৈ পৰিব।

ডাইনী সন্দেহত কাকো জ্বলাই নিদিব
কন কণ মইনাহ’তে জীবনৰ নিৰাপত্তা পাব,
সুৰক্ষিত হৈ পৰিব গোটেই জীৱন
সেইদিনাই পৃথিৱী ৰঙীন আৰু সুন্দৰ হব।

থাকিব মাথোঁ কেৱল সুখ সমৃদ্ধিৰে ভৰা জীৱন
ভাতৃঘাটি সংঘৰ্ষ আঁতৰি যাব,
কেৱল পৃথিৱীত থাকিব মাথোঁ
সুখ শান্তি কেৱল সুখ শান্তি।