মাত্ৰ ২৫% পৰিশোধ কৰিলেই চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিল
ৰঙিলী বাৰ্ত্তাসেৱা– ‘অসম যান-বাহন স্ক্রেপিং নীতি ২০২২’ৰ এককালীন নিষ্পত্তি (One time Settlement) প্রক্রিয়াত যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ মাত্র ২৫ শতাংশ পৰিশোধ কৰিয়ে পথত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিল কৰিব পাৰিব। অর্থাৎ এইক্ষেত্রত স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ ৭৫ শতাংশলৈকে ৰেহাই পাব। যান-বাহন আইন অনুসৰি যিধৰণৰ বাহনেই নহওক লাগিলে আয়ুস কাল শেষ হৈ চলাচলৰ বাবে অক্ষম হোৱাৰ লগে লগে ছিল জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত বাহনখনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক। কিয়নো সঠিকভাবে পঞ্জীয়ন বাতিল নকৰালৈকে চৰকাৰী তথ্য অৰ্থাৎ ‘বাহন পর্টেল’ত বাহনখন জীৱন্ত হৈ থাকে আৰু বাহনৰ বিপৰীতে দিবলগীয়া যাৱতীয় কৰ-কাটলসমূহ সময়ৰ লগে লগে বৃদ্ধি পাই থাকে। তদুপৰি কৰ-কাটল নিদিয়াকৈ থাকিলে তাৰ বিপৰীতে বিলম্ব জৰিমনাও বাঢ়ি থাকে। ফলত এসময়ত কৰ-কাটল আৰু বিলম্ব জৰিমনা পৰিশোধ কৰিব নোৱাৰা অৱস্থা হয়গৈ। তদুপৰি সুৰক্ষিত যাতায়াতৰ বাবেও সময়মতে কৰ পৰিশোধ কৰি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখাটো বাঞ্ছনীয়। অন্যথা এনে বাহন ক’ৰবাত দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে তৃতীয় পক্ষৰ যদি কিবা ক্ষতি হয় তেন্তে চৰকাৰ বা বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নাপব। সেয়ে সুৰক্ষিত যাতায়াত আৰু অসমক এখন যান-বাহন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিলৰ কাৰণে শীঘ্ৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত আবেদন কৰক। এই আহ্বান পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ। উল্লেখ্য যে পঞ্জীয়ন বাতিলৰ কাৰণেই চৰকাৰে বৰ্তমান সময়ত বাহনৰ বকেয়া কৰৰ ৭৫ শতাংশলৈকে ৰেহাই দিছে অর্থাৎ মাত্র ২৫ শতাংশ কৰ পৰিশোধ কৰিলেই বাহনখনৰ পঞ্জীয়ন পত্র বাতিল হ’ব। তদুপৰি গৰাকীয়ে তেওঁৰ বাহনৰ পঞ্জীয়ন বাতিলৰ প্ৰমাণপত্ৰখন পঞ্জীয়নভুক্ত বাহন স্ক্রেপিং কেন্দ্রত জমা দি স্ক্রেপৰ বাবে আবেদন জনালে সেই বাহনৰ বিপৰীতে তেওঁ এখন জমাকৰণৰ প্ৰমাণপত্ৰ লাভ কৰিব। বাহন স্ক্রেপিঙৰ পিছত সেই প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁ নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক ১৫ বছৰলৈ ২৫ শতাংশ কৰ ৰেহাই আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আগন্তুক ৮ বছৰলৈ ১৫ শতাংশ কৰ ৰেহাই লাভ কৰিব। তদুপৰি স্ক্রেপিঙৰ আগত বাহনখন পৰি থকা ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দর্য বৃদ্ধিৰ লগতে মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি পাব। ইয়াৰ উদ্দেশ্যই হৈছে চলাচলৰ বাবে অনুপযোগী বাহনসমূহ পথৰ পৰা নাইকিয়া কৰি প্ৰাকৃতিক ভাৰসাম্যতা তথা পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি অসমক যান-বাহন প্রদূষণমুক্ত তথা সেউজ ৰাজ্য হিচাপে গঢ়ি তোলা। সকলো শ্ৰেণীৰ যান-বাহনৰ গৰাকীৰ সুবিধা হোৱাকৈ এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়াৰ সময়সীমা চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে থাকিব। সেয়েহে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থান অথবা পথৰ কাষত বিশৃংখলভাৱে পেলাই থোৱা চলাচলৰ অনুপযোগী তথা পৰিৱেশৰ অনিষ্টকাৰী বাহনসমূহৰ পঞ্জীয়ন বাতিল কৰি পৰ্যায়ক্রমে সেইসমূহ নির্মূল কৰি অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ বাহনৰ গৰাকীৰ প্ৰতি অনুৰোধ জনাইছে। এই বিশেষ সুবিধা গ্ৰহণ কৰি অহা ৩১ মাৰ্চৰ ভিতৰত বাহনৰ সকলো নথিপত্র সঠিক কৰাৰ লগতে সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ সবিনয়ে আহ্বান জনাইছে।