মাতৃভাৰতী, বালিকা শিক্ষা আৰু শিশু বাটিকাৰ গুৱাহাটীত বিশাল মাতৃ সন্মিলনৰ আয়োজন
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মাতৃভাৰতী, বালিকা শিক্ষা আৰু শিশু বাটিকা উদ্যোগত ৩১ জানুৱাৰীত বিশাল মাতৃ সন্মিলনৰ আয়োজন কৰা হৈছে। এই বিশাল অনুষ্ঠানত বিশেষ ভাবে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ শংকৰদেৱ শিশু/ বিদ্যা নিকেতন সমূহত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ মাতৃ সকলৰ উপৰিও উত্তৰ অসম প্ৰান্তৰ ৫ হাজাৰ মাতৃয়ে অংশগ্ৰহণ কৰি ব। মাতৃ ভাৰতী, বালিকা শিক্ষা , শিশু বাটিকা, প্ৰদৰ্শনীৰ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হ’ব।লোকমাতা দেৱী অহল্যা বাঈ হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তীত তেওঁৰ কৰ্মজীৱনৰ ওপৰত বিশেষ চৰ্চা যোগেদি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ ব। পূৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মাতৃ সন্মিলনৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসম চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা , অৰুণাচল প্ৰদেশৰ শিশু আৰু মহিলা বিকাশ মন্ত্ৰালয়ৰ মন্ত্ৰী দাচাংলু পুল, বিদ্যা ভাৰতী অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী যতীন্দ্ৰ শৰ্মা, ৰাষ্ট্র সেৱিকা সমিতিৰ প্ৰান্ত কার্য্যবাহিকা শ্ৰীযুতা ৰিম্কী ভাগৱতী, ৰাষ্ট্র সেৱিকা সমিতিৰ অখিল ভাৰতীয় সহ কাৰ্য্যবাহিকা শ্ৰীযুতা সুনীতা হালদেকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উক্ত অনুষ্ঠানত ইতিমধ্যে ৫ হাজাৰোও অধিক মাতৃলৈ উপস্থিতিৰ বাবে আমন্ত্রণ জনোৱা হৈছে।শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে সৰুসজাই ষ্টেডিয়ামত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। সমুৎকৰ্ষ মহাশিবিৰৰ সৈতে সংগতি ৰাখি বিদ্যা ভাৰতী মাতৃ সন্মিলন উদযাপন সমিতিৰ সংযোজিকা কল্যাণী ঠাকুৰীয়া,জ’ৰাম আনীয়া, অনিমা শৰ্মা আৰু বৰ্ণালী দেৱীয়ে দূৰনিবতীয়া মাতৃসকলকো উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।