মাটি, মানুহ আৰু যুদ্ধ
ৰিজুমণি বৰা কলিতা
মাটিক নেওচি উৰি ফুৰাবোৰো
এদিন মাটিৰ প্ৰেমিক হয় ,
মাটিত জিৰাব খোজা দেহ
ধোঁৱাৰ কুণ্ডলী পকাই আকাশ ধিয়ায় ।
মাটি আৰু আকাশৰ সন্ধিক্ষণত
অহংকাৰী দুৰ্যোধনে
বেজীৰ আগৰ মাটিখিনিও নেৰে ,
জিকিও হাৰে কলিঙ্গ বিজয়ী অশোক ;
মাটিৰ বাবেই কতনা
কুৰুক্ষেত্ৰ যুদ্ধ ,
অথচ ৰাজ হাউলি ত্যাগী
বুদ্ধিবৃক্ষৰ তলত ধ্যানমগ্ন হয় বুদ্ধ ।
প্ৰেমৰ বাবেই ৰণ
নে শান্তিৰ বাবে ৰণ ?
এটা অজুহাতৰ ফিৰিঙ্গতিত
ভস্ম হয় খাণ্ডব বন ,
বুকুৰ ভিতৰত সাৰ পাই উঠে
ৰক্তবিজ হেজাৰ বিজাৰ ,
নাশিবলৈ এখন
যুদ্ধৰ প্ৰয়োজন ।
শিলত পৰিণত হোৱা
বুকুবোৰ সাৰুৱা হওক
গজি উঠক শান্তিৰ গান ।।