মাটি – আয়নাল হক

মাটি
আয়নাল হক,ধুবুৰী 
মই মাটি—
মোৰ বুকুতেই জন্ম লভি
তোমাৰ দম্ভ, অহংকাৰ,অভিমান সামৰি
যিদিনা পুনৰ আশ্ৰয় লোৱা মোৰ বুকুত
মইও লওঁ আদৰি নিজৰ সন্তান বুলি।
মই মাটি—
মোৰ নাই কোনো কৃপনালি
মোৰ বুকুতেই শস্য ৰোপণ কৰি
জীৱনকালৰ খাদ্য সংগ্ৰহ কৰা তুমি।
মোৰ বুকুতেই আশ্ৰয় লৈ
তুমি জী থাকা স্বাভিমানী হৈ।
মই মাটি—-
যদিও নিৰ্জীৱ মই
মোক প্ৰদূষণ কৰি
নিজলৈ বিপদ নানিবা মাতি।
পাৰিলে বৃক্ষ ৰোপন কৰি
মোক ৰাখা ভালদৰে সংৰক্ষণ কৰি।
মই মাটি—
মোৰ বুকুৱেদি বৈ যোৱা নদীৰ গতিক
বাধা নিদিবা তুমি,
কাৰণ নদীয়েই মোক পলসুৱা কৰি
তোমাক খাদ্যৰ যোগান ধৰিবলৈ
তোলে সক্ষম কৰি।
মাটি বুলি মোৰ অৱদানক তুচ্ছ জ্ঞান কৰি
নকৰিবা নিজৰেই ক্ষতি
নকৰিবা নিজৰেই ক্ষতি।