মাটিত মিহলাই দিয়া হ’ল পাঁচ দুর্ধর্ষ সন্ত্রাসবাদীৰ বাসগৃহ 

মাটিত মিহলাই দিয়া হ’ল পাঁচ দুর্ধর্ষ সন্ত্রাসবাদীৰ বাসগৃহ 

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে। পেহেলগাম নৰসংহাৰত জড়িত দুই সন্ত্রাসবাদীৰ বাসগৃহ সেনাই ধ্বংস কৰাৰ পিছত পুনৰ পাঁচ দুর্ধর্ষ সন্ত্রাসবাদীৰ বাসগৃহ ধ্বংস কৰে। লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ ক’মাণ্ডাৰসহ পাঁচ সন্ত্রাসবাদীৰ বাসগৃহ বুলড ‘জাৰেৰে ভাঙি পেলায়। কেন্দ্রীয়শাসিত অঞ্চলটোৰ ছ’পিয়ান, কুলগাম আৰু পুলৱামাত সন্ত্রাসবাদীৰ বিৰুদ্ধে এই পদক্ষেপ লৈছে চৰকাৰে। ছ’পিয়ানৰ ছটিপাৰা গাঁৱত লস্কৰ-ই-তৈবাৰ ক’মাণ্ডাৰ শ্বাহিদ আহমেদকুট্টেৰ বাসগৃহ ভাঙি পেলায়। বিগত ৩-৪ বছৰ ধৰি লস্কৰ-ই-তৈবাৰ ক’মাণ্ডাৰ কুট্টে সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ লগতে ৰাষ্ট্ৰবিৰোধী অভিযানৰ পৰিকল্পনা কৰি আহিছে। আনপিনে কুলগামৰ মাতালাম অঞ্চলত জাহিদ আহমেদ নামৰ দুর্ধর্ষ সন্ত্রাসবাদীৰ বাসগৃহটোও ভাঙি পেলায় আৰক্ষীয়ে। পুলৱামাৰ মুৰান অঞ্চলত সন্ত্রাসবাদী আহছান উল হকৰ বাসগৃহ বোমাৰে উৰুৱাই দিয়ে। ২০১৮ চনৰ পৰা পাকিস্তানত সন্ত্রাসবাদৰ প্ৰশিক্ষণ লৈ অলপতে কাশ্মীৰ উপত্যকালৈ আহিছিল। আনহাতে লস্কৰ-ই-তৈবাৰ সক্রিয় সদস্য এহছান আহমেদ শেখ আৰু হেৰিছ আহমেদৰ বাসগৃহটোও বোমাৰে উৰুৱাই দিয়ে সেনাই। উল্লিখিত পাঁচ সন্ত্রাসবাদীৰ বাসগৃহ ধূলিৰ সৈতে মিলাই দি সেনাই সন্ত্রাসবাদৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰতম অভিযানক আগবঢ়াই নিয়ে। উল্লেখ্য যে শুক্ৰবাৰে পেহেলগামৰ আক্ৰমণকাৰী সন্ত্রাসবাদী আদিল হুছেইন থ’কাৰ, আছিফ শ্বেখৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল। আনহাতে জম্মু-কাশ্মীৰৰ প্রান্তে প্রান্তে সেনা আৰু আৰক্ষীৰ যৌথ অভিযান তীব্র হৈ উঠাত সন্ত্রাসবাদীৰ সৈতে সংঘর্ষও বৃদ্ধি পাইছে। অভিযানৰ সময়ত সন্ত্রাসবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘর্ষ হৈ আছে। কুলগামৰ গুদ্দাৰ বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্রাসবাদী গোটৰ মাজত তুমুল সংঘর্ষ হৈছে। তথ্য মতে, দুই সন্ত্রাসবাদীক ঘেৰি ধৰি নিৰাপত্তা বাহিনীয়ে অভিযান চলাওঁতেই এই সংঘর্ষ হৈছে। পেহেলগামৰ নৰসংহাৰৰ পিছতে জম্মু-কাশ্মীৰত ১৪ দুৰ্ধৰ্ষ সন্ত্রাসবাদীক চিনাক্ত কৰি আৰক্ষীয়ে এই সন্ত্রাসবাদীক দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিছে। স্থানীয় বাসিন্দাসকলক এই সন্ত্রাসবাদীকেইটাৰ সম্ভেদ পালে আৰক্ষী আৰু সেনাক তথ্য অৱগত কৰিবলৈও আহ্বান জনাইছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে চিহ্নিত কৰি অভিযান আৰম্ভ কৰা ১৪ স্থানীয় সন্ত্রাসবাদীকেইটাৰ বয়স ২০ৰ পৰা ৪০ বছৰৰ ভিতৰত। এই সন্ত্রাসবাদীকেইটাই পাকিস্তানৰ পৰা অহা সন্ত্রাসবাদীক জম্মু-কাশ্মীৰত যিকোনো সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাত সহযোগ কৰি আহিছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে চিনাক্ত কৰা এই ১৪ সন্ত্রাসবাদীৰ ভিতৰত হিজবুল মুজাহিদীন, লস্কৰ-ই-তৈবা আৰু জইচ ই মহম্মদৰ সন্ত্রাসবাদী আছে। হিজবুল মুজাহিদীনৰ সৈতে তিনিটা, লস্কৰ-ই-তৈবাৰ সৈতে আঠটা আৰু জইচ-ই মহম্মদৰ সৈতে তিনিটা সন্ত্রাসবাদী জড়িত হৈ আছে। সন্ত্রাসবাদীকেইটাৰ নাম হৈছে আদিল ৰেহমান ডেন্টু, আছিফ আহমেদ শেখ, আহছান আহমেদ শেখ, হেৰিছ নাজিৰ, আমিৰ নাজিৰ ৱানি, য়াৱাৰ আহমেদ ভাট, আছিফ আহমেদ খান্দাই, নাছিৰ আহমেদ বানি, ছাহিদ আহমেদ কুট্টে, আমিৰ আহমেদ ডৰ, আদনান ছাফি ডৰ, জুবেৰ আহমেদ বানি, হাৰুন ৰছিদ গানাই আৰু জাকিৰ আহমেদ গানি। এই আটাইকেইটা সন্ত্রাসবাদী নিষিদ্ধঘোষিত সংগঠনকেইটাৰ সদস্য। জম্মু-কাশ্মীৰৰ পুলৱামা, ছ’পিয়ান, অনন্তনাগ, কুলগাম আদি জিলাত উল্লিখিত সন্ত্রাসবাদীকেইটা বিগত ২-৩ বছৰ ধৰি সক্ৰিয় হৈ আছে। ইয়াৰে কেইটামান সন্ত্রাসবাদীয়ে পাক অধিকৃত কাশ্মীৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ শিবিৰত প্ৰশিক্ষণ গ্রহণ কৰিছে।  আনপিনে চোৰাংচোৱা সংস্থাই পেহেলগামত পৰ্যটকক শূন্য দূৰত্বৰ পৰা ধৰ্মৰ পৰিচয় সুধি বৰ্বৰতাৰে গুলীয়াই হত্যা কৰা ঘটনাত জড়িত আদিল হুছেইন থ’কাৰ সন্দৰ্ভত বিস্ফোৰক তথ্য লাভ কৰিছে। আদিল হুছেইন থ’কাৰে শিক্ষাৰ্থীৰ ভিছা-পত্র লৈ পাকিস্তানলৈ গৈছিল আৰু তাতে সেনাৰ প্ৰশিক্ষণ লৈ পিছলৈ সন্ত্রাসবাদী সংগঠনৰে জড়িত হৈ পৰে। অনন্তনাগৰ বীজবেহাৰৰ বাসিন্দা আদিল হুছেইন থ’কাৰে ২০১৮ চনত শিক্ষাৰ্থীৰ ভিছা লৈ পাকিস্তানলৈ গৈছিল। ইয়াৰ পূর্বেই থ’কাৰৰ পাক মদতপুষ্ট সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক স্থাপন হৈছিল। পাকিস্তানলৈ যোৱাৰ পিছতে থ’কাৰৰ সম্পৰ্ক পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈ পৰে। পাকিস্তানত সেনাৰ প্ৰশিক্ষণ লোৱাৰ পিছত সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্কিত হয় আৰু সংগঠনতেই সক্ৰিয় হৈ পৰে। লস্কৰ-ই-তৈবাৰ তত্ত্বাৱধানত কিছুদিন প্রশিক্ষণ লোৱাৰ পিছত ছবছৰৰ মূৰকত পাকিস্তানৰ পৰা ২০২৪ চনৰ শেষৰ পিনে কাশ্মীৰলৈ উভতি আহে থ’কাৰ। চোৰাংচোৱা সূত্ৰৰ তথ্য মতে, বিগত বৰ্ষৰ অক্টোবৰ মাহত পুঞ্চ-ৰাজৌৰি ছেক্টৰৰ দুৰ্গম অঞ্চলেৰে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি কাশ্মীৰৰ পৰা পাকিস্তানত প্ৰৱেশ কৰে। সু-উচ্চ পাহাৰ, ঘন জংঘল আৰু নদী অতিক্ৰম কৰি কাশ্মীৰত প্ৰৱেশ কৰা থ’কাৰৰ লগত আছিল আন চাৰিটা সন্ত্রাসবাদী। ইয়াৰে এটা সন্ত্রাসবাদী পাকিস্তানৰ নাগৰিক। নাম হাছিম মুছা ওৰফে ছুলেমান। চোৰাংচোৱাৰ মতে, পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড হৈছে হাছিম মুছা। অনন্তনাগত উপস্থিত হোৱাৰ পিছতেই সন্ত্রাসবাদী থ’কাৰে লগত অনা চাৰি সন্ত্রাসবাদীক অতি দুর্গম অঞ্চলত আশ্রয় দিছিল। ইয়াৰ পৰাই কাশ্মীৰ উপত্যকাত থকা শ্লিপাৰ চেলৰ সৈতে যোগাযোগ আৰম্ভ কৰে। এই শ্লিপাৰ চেলৰ সহায়তে আক্ৰমণৰ স্থান বিচাৰি লৈ পেহেলগামত আক্রমণ কৰে।