মাজে মাজে
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
মাজে মাজে বিৰতি ল’ব লাগে …
মায়াৰ পৰা ,
সম্পৰ্কৰ পৰা
আৱেগৰ পৰা
অভিমানৰ পৰা
খং-জেদৰ পৰা
অধিকাৰৰ পৰা
ভালপোৱাৰ পৰা,,
মাজে মাজে প্ৰয়োজন হয় …
আশাৰ স্বাধীনতা
সপোনৰ বাস্তৱতা
ওঁঠৰ মৌনতা
চকুৰ বিশ্ৰাম
মগজুৰ নিদ্ৰা ,,
মাজে মাজে বুজিব লাগে…
অট্ট হাঁহিৰ অট্টালিকাৰ উচ্চতা কিমান
পৰনিৰ্ভৰশীলতাৰ দেৱালৰ দৈৰ্ঘ্য কিমান
সুখৰ লগত দুখৰ বন্ধুত্বৰ গভীৰতা কিমান
জন্মৰ লগত মৃত্যুৰ দূৰত্ব কিমান….??