মাজুলী লোক নিৰ্মাণ গৃহ বিভাগৰ উদ্যোগ ; স্বেচ্ছাসেৱী ৰক্তদান অনুষ্ঠান ‘জীৱন ৰেখা’ গঠন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা লোক নিৰ্মাণ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু বৰুৱাৰ নিজা প্ৰচেষ্টা তথা বিভাগৰ কৰ্মচাৰীৰ সহযোগত মাজুলী দিৱসৰ লগত সংগতি ৰাখি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাকক্ষত যোৱা সাত চেপ্তেম্বৰত অনুষ্ঠিত সভাত ‘জীৱন ৰেখা’ (Lifeline) নামেৰে এটি স্বেচ্ছাসেৱী ৰক্তদান অনুষ্ঠান গঠন কৰে ৷ এই অনুষ্ঠানটি গঠনৰ মূল লক্ষ্যই হৈছে মাজুলীবাসীৰ স্বাস্থ্যজনিত কাৰণত যদি কোনো ৰোগীক মাজুলী জিলা চিকিৎসালয় বা মাজুলীৰ নিকটৱৰ্তী চিকিৎসা মহাবিদ্যালয়ত যোগাযোগেৰে মাজুলীৰ ৰোগীক প্ৰয়োজন হোৱা ৰক্তৰ ব্যৱস্থা কৰা ৷ বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আলোচনা মৰ্মে গঠন হোৱা অনুষ্ঠানটোৱে নিষ্ঠাৰে সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ ৰক্ত প্ৰয়োজন হোৱা লোকৰ সহায় হোৱাকৈ গঠন কৰা ‘জীৱন ৰেখা’ অনুষ্ঠানটোত লোক নিৰ্মাণ গৃহ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে মাজুলীৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী তথা জিলাখনৰ বিভিন্ন স্থানৰ ব্যক্তি আৰু অনুষ্ঠানকো জড়িত কৰাৰ ব্যৱস্থা কৰিছে ৷ জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান শিবিৰত বিভাগৰ চাৰিগৰাকী বিষয়ববীয়া ৰক্তদান কৰে ৷ এইক্ষেত্ৰত জৰুৰীকালীন যোগাযোগৰ বাবে ফোন নম্বৰ – শান্তনু বৰুৱা-কাৰ্যবাহী অভিযন্তা, লোক নিৰ্মাণ গৃহ বিভাগ-৯৪৩৫০৫০২৯৬, অভিজিৎ বৰুৱা-সহকাৰী কাৰ্যবাহী অভিযন্তা, লোক নিৰ্মাণ গৃহ বিভাগ- ৯৯৫৪৪৯৮৮০১, ভাৰ্গৱ খাউণ্ড-কনিষ্ট অভিযন্তা-৭০০২৮২১৯৪৬, ৰুবুল বৰুৱা-৮৬৩৮১০১১৯৩, দিবাকৰ তামুলী-৭৮৯৬৫৮৪৫৯৯, প্ৰণৱ ভূঞা – ৮৬৩৮৯৮৭৩২১, নিতুল বৰুৱা – ৭০০২৬৮৩৫৫১ আৰু চুড়ামণি বৰা – ৭০৮৬৮১২১৭৭ ত যোগাযোগ কৰিব পাৰিব ৷