মাজুলী মহাবিদ্যালয়ৰ অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকালৈ বিদায় সম্বৰ্ধনা ;
‘শিক্ষাগুৰুসকলেই আটাইতকৈ শক্তিমন্ত সমাজ সংস্কাৰক’—ডঃ দেৱজিৎ শইকীয়া
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- “শিক্ষাগুৰুসকলেই হৈছে আটাইতকৈ শক্তিমন্ত সমাজ সংস্কাৰক। শিক্ষাগুৰুৰ প্ৰতিটো দিশৰ অনুকৰণ কৰে শিক্ষাৰ্থীয়ে, নিজকে আদৰ্শ শিক্ষাগুৰুৰ আদৰ্শেৰে অনুধ্যায়ী কৰিবলৈ প্ৰয়াস কৰে শিক্ষাৰ্থীয়ে”—এই মন্তব্য মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ। সুদীৰ্ঘ পঁইত্ৰিশ বছৰীয়া কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকাক বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয় কৰ্তৃপক্ষ, অসমীয়া বিভাগ, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ উদ্যোগত মহাবিদ্যালয়খনৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত আয়োজিত সভাত সভাপতিত্ব কৰি অধ্যক্ষ ডঃ শইকীয়াই লগতে শিক্ষাৰ্থীসকলক পাঠদানৰ ক্ষেত্ৰত মায়াশ্ৰী ডেকা হাজৰিকাই আগবঢ়োৱা অভিভাৱকসূলভ সেৱাৰ বিষয়ে উল্লেখ কৰে আৰু আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিলেও মহাবিদ্যালয়ৰ উত্তৰণৰ ক্ষেত্ৰত আজীৱন তেওঁ সহযোগ কৰি যাব বুলি আশা প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী সাগৰিকা শইকীয়াৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনিত বিভাগীয় মুৰব্বী ডঃ দুলাল হাজৰিকাই আদৰণী ভাষণ আগ বঢ়ায়। অধ্যাপক কাৰ্তিক নাথে আঁত ধৰা সভাত মায়াশ্ৰী ডেকা হাজৰিকাক দৌল শৰাই, সম্বৰ্ধনা-পত্ৰ, চেলেং-গামোচা, মুখা, বেতৰ বিচনী, গ্ৰন্থৰ টোপোলা আদিৰে বিপুল সম্বৰ্ধনা জনোৱা হয়। নিজৰ বক্তব্যত মায়াশ্ৰী ডেকা হাজৰিকাই সফলতাৰে কৰ্মজীৱন সমাপ্ত কৰিব পৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোকে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন বৰা, মায়াশ্ৰী ডেকা হাজৰিকাৰ স্বামী তথা অৱসৰী অধ্যাপক জিতেন্দ্ৰ নাথ ডেকা, কাৰ্যবাহী অভিযন্তা ভাতৃ অনুপম বৰুৱা, ভাতৃবধূ দেৱীৰূপা হাজৰিকা, পানীগাঁও অ’ পি ডি মহাবিদ্যালয়ৰ অধ্যাপিকা বি ডি নিশা আদিয়ে মায়াশ্ৰী ডেকা হাজৰিকাৰ লগত অতিবাহিত অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, বিপুল ৰাজখোৱা, সুৰেন চন্দ্ৰ দাস, অধ্যাপিকা ইন্দিৰা বড়া, ডঃ ৰূপজ্যোতি বৰা, প্ৰণীতা ৰাজখোৱা, তুলসী ৰাজখোৱা, বসন্ত বৰা, ডঃ প্ৰফুল্ল বৰা, প্ৰদীপ চন্দ্ৰ দাস, নৱজিৎ চেলেং, আচাৰ্য মোহন দাস, বিজয় টিমুং, ডঃ দিব্যজ্যোতি বৰা, সুদৰ্শনা ফুকন, বিদিশা ভট্টাচাৰ্য, ভগ্নী আৰতি ডেকা, কন্যা ঋতুস্মিতা ডেকা, জোঁৱাই বিশ্বজিৎ শইকীয়া, পুত্ৰ মৃগাংক শেখৰ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপৰিও প্ৰায় তিনি শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। সভাৰ অন্তত অধ্যাপিকা ৰুবী বৰাই শলাগ জ্ঞাপন কৰে।