মাজুলী মহাবিদ্যালয়ত চিকিৎসক ডাঃ নীলকান্ত পেগুৰ ‘চাংঘৰৰ জখলাইদি মোৰ পৃথিৱী’ উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা– মাজুলীৰ এজন স্বনামধন্য চিকিৎসক ডাঃ নীলকান্ত পেগুৰ চিকিৎসক জীৱনৰ ঘটনাবহুল অভিজ্ঞতাৰ আধাৰত লিখিত গ্ৰন্থ ‘চাংঘৰৰ জখলাইদি মোৰ পৃথিৱী’ মাজুলী মহাবিদ্যালয়ত শুভ উন্মোচন কৰা হয়। মহাবিদ্যালয়ৰ পদ্মকান্ত দেৱগোস্বামী সভাকক্ষত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত গ্ৰন্থখনি উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ দুলাল হাজৰিকাই আঁত ধৰা সভাখনি উদ্বোধন কৰি বিশিষ্ট বুৰঞ্জীবিদ , মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডঃ ডম্বৰুধৰ নাথে কয় , চিকিৎসক হিচাপে মাজুলীৰ নিচিনা যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত পিছপৰা অঞ্চলত সেৱা আগবঢ়াই অৱসৰ লোৱা ডাঃ পেগুৰ জীৱনৰ অভিজ্ঞতাভিত্তিক গ্ৰন্থখন সম-সাময়িক সমাজখনৰ ছবি প্ৰকাশিত হৈ উঠিছে । অধ্যাপক কাৰ্তিক নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আৰম্ভণিতে সকলোকে আদৰণি জনাই গ্ৰন্থৰ লেখক ডাঃ নীলকান্ত পেগুৱে গ্ৰন্থখন ৰচনা কৰাৰ অন্তৰালৰ কথাখিনি চমুৱাই উল্লেখ কৰে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ডঃ কমলাকান্ত দত্তই কয়, চিকিৎসক বৃত্তিত নিয়োজিত হৈ জীৱনৰ অধিক সময় পাৰ কৰা ডঃ পেগুৰ সাহিত্য সেৱা সাহিত্যসেৱী সকলোৰে বাবে প্ৰেৰণাদায়ক। সভাপতিৰ ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় ‘মাজুলীৰ দাৰিদ্ৰ্য পীড়িত লোকৰ ওচৰ সান্নিধ্য লাভ কৰা চিকিৎসক ডাঃ নীলকান্ত পেগুৰ ৰচনাত নিতান্তই আৰ্তজনৰ হৃদয়ৰ ভাষা যেন অণুৰণিত হৈছে।
পিছপৰা গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই অভিজ্ঞতা বোটলা ডাঃ পেগুৰ ৰচনাৰ মূল সমল তেওঁৰ সৰল অনুভূতি আৰু ৰসাল প্ৰকাশশৈলী।’ মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থকাৰৰ একালৰ সহকৰ্মী চিকিৎসক তথা ‘অসম গৌৰৱ’ সন্মানেৰে সন্মানীত ডাঃ শশীধৰ ফুকনে ডাঃ পেগুৰ ৰচনাত সৰ্বহাৰাৰ দুখৰ গাথা প্ৰকাশিত হয় বুলি বক্তব্য আগবঢ়ায়। সমজুৱাৰ একাষাৰত নীলমণি ভূঞা, নিৰণ শইকীয়া, ৰেণুমালা দত্ত, ললিত শইকীয়া, মনোজ্যোতি ৰেগন আদিয়ে নিজৰ বক্তব্যত ৰোগীৰ বন্ধু চিকিৎসকগৰাকীয়ে সমাজলৈ আগবঢ়োৱা বৰঙণি সম্পৰ্কে বক্তব্য দাঙি ধৰে। সভাত মাজুলীৰ শিক্ষাবিদ সৰ্বেশ্বৰ হাজৰিকা, নৰেন চন্দ্ৰ ঠাকুৰীয়া, আৰতি বৰা, ডঃ আনন্দ হাজৰিকা, অমৃতেশ্বৰ চুতীয়া, অৰুণ কুমাৰ পাঠক, নৰনাথ হাজৰিকা, লক্ষ্মীনাৰায়ণ ব্যাস, ধীৰেন্দ্ৰ নাথ শইকীয়া, কৰুণা বৰা, ডলী বৰুৱা, মিনতি শইকীয়া, তিলক শৰ্মা, ডাঃ থানেশ্বৰ মুদৈ, কৃষ্ণকমল শইকীয়া, লীলাৱতী শইকীয়া, জগন্নাথ দুৱৰীয়া, জগত হাজৰিকা, যুগল হাজৰিকা, কুমুদ গোস্বামী, গীতাঞ্জলি পেগু, জগত হাজৰিকা, ডিম্বেশ্বৰ দত্ত, ডিম্বেশ্বৰ ভূঞা, দধি বৰুৱা, যোগেন দত্ত বায়ন, বীৰেন ডেকা, মুনীন্দ্ৰ ভূঞা, সনাতন তামুলী, অমিয় কুমাৰ চিৰাং, ভূপেন দত্ত, প্ৰফুল্ল বৰা, সঞ্জীৱ পায়েং, ৰাজীৱ পাটিৰ, পম্পী হাজৰিকা, মাজুলী মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সুৰেন চন্দ্ৰ দাস, বসন্ত বৰা, প্ৰণীতা ৰাজখোৱা, প্ৰদীপ চন্দ্ৰ দাস, ডঃ প্ৰফুল্ল বৰা, প্ৰণৱজ্যোতি বৰা, দীনেশ পেগু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে গ্ৰন্থকাৰ ডাঃ নীলকান্ত পেগুৱে।