মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত কৰতিপাৰ হাইস্কুলত ” বিশ্ব জনসংখ্যা” দিৱস পালন
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১১ জুলাইত নামনি মাজুলী কৰতিপাৰ হাইস্কুলত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনত স্থানীয় ৰাইজ, ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগাম আৰু প্ৰাধিকৰণৰ ইমপেনেল (Empanel ) অধিবক্তা ববিতা বৰাই উক্ত সজাগতা অনুষ্ঠান পৰিচালনা কৰে। অনুষ্ঠানত কৰতিপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ বৰাই আদৰণি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত অধিবক্তা বুদ্ধেশ্বৰ পামেগামে বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ” বাল্য বিবাহ প্ৰতিৰোধী আইন -২০০৬ ” সন্দৰ্ভত পুংখানুপুংখকৈ তত্বগধুৰ বক্তৃতা প্ৰদান কৰে। তেখেতে জনসংখ্যা বৃদ্ধিত বাল্যবিবাহৰ প্ৰভাৱ থকা বুলি উল্লেখ কৰাৰ লগতে বাল্য বিবাহ কৰিলে আইনে কি কি কঠোৰ শাস্তি প্ৰদান কৰিব সেই বিষয়ে সকলোকে বহুলভাৱে বুজাই দিয়ে। সভাত, অধিবক্তা ববিতা বৰাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত মাজুলীত চলি থকা সকলো ধৰণৰ বিনামূলীয়া আইন সাহায্য সন্দৰ্ভত ৰাইজক সজাগ কৰে। দুখীয়া – নিচলা মানুহে কি দৰে বিনামূলীয়াকৈ আইন লাভ কৰিব, বিনামূলীয়াকৈ কেনেকৈ কেচ – মোকৰ্দমা কৰিব পাৰিব সেই সন্দৰ্ভত তন্ন তন্নকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিৱসত কৰতিপাৰ হাইস্কুলৰ দ্বি শতাধিক ছাত্ৰ ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিদ্যালয়ৰ সহকাৰী শিক্ষক অজিত পেগুয়ে ।