মাজুলী জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১২ টা কেন্দ্ৰত মুঠ ৩০৫১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ ‌‌

মাজুলী জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১২ টা কেন্দ্ৰত মুঠ ৩০৫১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ ‌‌

বিকাশ শইকীয়া , মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-   আজিৰে পৰা অনুষ্ঠিত হোৱা অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাজুলী জিলাৰ ১২ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ৩০৫১ গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হৈছে। জিলাখনত এইবাৰ ১৬০৩ গৰাকী ছাত্ৰৰ বিপৰীতে ১৪৪৮ গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে । ইয়াৰে ভকতিদুৱাৰ কেন্দ্ৰত ১৩১ জন , চি এছ ৰাৱনাপাৰ মডেল হায়াৰ চেকেণ্ডেৰী স্কুলত ১৯৭ জন , গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ হাইস্কুলত ৩৯৭ জন, জেংৰাইমুখ হাইস্কুলত ৪২০ জন, কৰতিপাৰ হাইস্কুলত ৩৪১ জন, কেশৱৰাম বৰা হাইস্কুলত ২০৭ জন, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৮৯ জন, মেৰাগড় নাৰায়ণ দেৱ হায়াৰ চেকেণ্ডেৰী স্কুলত ১৫২ জন, ফুলনি হাইস্কুলত ১৭৭ জন, ৰঙাচাহী টি এন হাইস্কুলত ২৪৪ জন, ৰতনপুৰ মিৰি হাইস্কুলত ৩৮৫ জন, ৰতনপুৰ হাইস্কুলত ১১১ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। পৰীক্ষা কেন্দ্ৰ সমূহত সূচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । আজি পুৱা ৭ বজাৰে পৰা পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ প্ৰৱেশ দ্বাৰা সন্মুখত পৰীক্ষাৰ্থী সকলক আগবঢ়াবলৈ আৰু শুভেচ্ছা জনাবলৈ অহা অভিভাৱক তথা শুভাকাংক্ষীৰ ভীৰ হোৱা পৰিলক্ষিত হয় ।