মাজুলী জিলাত বিশ্ব জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে জলাতংক প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে মাজুলী জিলাত মাজুলী জিলা স্বাস্থ্য বিভাগ আৰু পশুপালন ও পশু চিকিৎসা বিভাগৰ সৌজন্যত জলাতংক প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান কৰা হয়। গড়মূৰ পশু স্বাস্থ্য উপকেন্দ্ৰত আয়োজন কৰা সজাগতা আৰু টিকাকৰণৰ আৰম্ভণিতে জলাতংক প্ৰতিৰোধৰ সম্পৰ্কত অনুষ্ঠানৰ আঁত ধৰে জিলা পশু চিকিৎসা বিষয়া ডাঃ থানেশ্বৰ মুদৈয়ে । ইয়াৰ পিছতেই এপিদেমিঅ’লজিষ্ট বৰ্ষা বৰুৱা ৰয়ে জলাতংক প্ৰতিৰোধৰ সম্পৰ্কত উপস্থিত ৰাইজৰ আগত সজাগতা মূলক ভাষণ প্ৰদান কৰি কোনো কুকুৰ বা মেকুৰী আদিয়ে আচোৰিলে প্ৰথমে ১৫ মিনিটৰ বাবে উক্ত ঠাই খিনি অবিৰত ভাবে আহি থকা পানীত ধুব লাগে আৰু লগতে খাৰযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে।
দ্বিতীয়তে জলাতংক প্ৰতিৰোধী প্ৰতিষেধক উপলব্ধ চিকিৎসালয়ত গৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে। বৰ্তমান মাজুলীৰ ৰাইজৰ বাবে শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়, কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ, জেংৰাইমুখ সামূহিক স্বাস্থ্য, ৰতনপুৰমিৰি ক্ষুদ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, বনগাঁও ৰাজ্যিক চিকিৎসালয়, ৰঙাচাহী ৰাজ্যিক চিকিৎসালয়ত জলাতংক প্ৰতিৰোধী প্ৰতিষেধক উপলব্ধ বুলি জনায়। সভাত উপস্থিত জিলা সংবাদ বিশেষজ্ঞ ভৱানী গায়নে চিকিৎসা বিভাগৰ জৰুৰী হেল্পলাইন নম্বৰ ১০৪ আৰু ১০৮ ৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। এই অনুষ্ঠানটিত ১৫ টি কুকুৰক জলাতংক প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান কৰা হয় লগতে ৭ গৰাকী লোকক আগতীয়া জলাতংক প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান কৰা হয়।
উক্ত সজাগতামূলক সভাত পশু চিকিৎসা বিষয়া ডাঃ থানেশ্বৰ মুদৈ, পশু চিকিৎসা বিষয়া ডাঃ মৃন্ময় শেনচোৱা, ভ্ৰাম্যমান পশু চিকিৎসা বিষয়া জাহ্নবী কলিতা, এপিদেমিঅ’লজিষ্ট বৰ্ষা বৰুৱা ৰয়,জিলা সংবাদ বিশেষজ্ঞ ভৱানী গায়ন, দি দি এম আই দি এছ পি অমৰ মনি কলিতা,জিএনএম বৃষ্টি নাথৰ লগতে গড়মূৰ পশু স্বাস্থ্য উপকেন্দ্ৰৰ ক্ষেত্ৰ সহায়কদ্বয় ধীৰেন্দ্ৰ কৰ্মকাৰ আৰু বিল্লাউদ্দিন লস্কাৰ লগতে মাজুলী স্বাস্থ্য বিভাগ আৰু পশু পালন ও পশু চিকিৎসা বিভাগৰ স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।