মাজুলী জিলাত জিলা পৰ্যায়ৰ পেলু নিৰ্মূলকৰন দিৱসৰ শুভাৰম্ভণি

মাজুলী জিলাত জিলা পৰ্যায়ৰ পেলু নিৰ্মূলকৰন দিৱসৰ শুভাৰম্ভণি

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ‍্যখনৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলী জিলাতো সোমবাৰে জিলা পৰ্যায়ৰ পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভণি কৰা হয়। মাজুলী জিলাৰ ৰঙাচাহী টনুৰাম নাথ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত আয়োজন কৰা পেলু নিৰ্মূলকৰণ দিৱস কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা স্বাস্থ‍্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ লোকনাথ দেউৰীয়ে। বিদ্যালয় খনিৰ প্ৰধান শিক্ষক ৰবীন কুমাৰ নাথৰ সভাপতিত্বত আৰম্ভ হোৱা সভাখনিত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰন দিৱসৰ ‍ উদ্দেশ‍্য সম্পৰ্কে ব‍্যাখ‍্যা কৰে জিলা সংবাদ বিশেষজ্ঞা ভবানী গায়নে।

উদ্দেশ‍্য ব‍্যাখ‍্যাৰ প্ৰসংগত বিশেষজ্ঞা গৰাকীয়ে কয় – ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশুৰে শাৰিৰীক তথা মানসিক সুস্থতা বজাই ৰখাৰ বাবে বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী , বিদ‍্যালয়ৰ পৰা বাদ পৰা শিশু আৰু অংগনাবাড়ী কেন্দ্ৰত থকা শিশুক পেলু মুক্ত কৰাৰ উদ্দেশ‍্যৰে ১০ ৰ পৰা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত এলবেন্ডাজল টেবলেট খুওৱা হ’ব। বিদ‍্যালয়লৈ নোযোৱা বা বিদ‍্যালয়ৰ পৰা বাদ পৰা শিশুসকলকো স্বাস্থ‍্য বিভাগৰ তৰফৰ পৰা আশা কৰ্মী সকলৰ দ্বাৰা ঘৰে ঘৰে গৈ এলবেন্ডাজল টেবলেট খুওৱা হ’ব।

ডাঃ লোকনাথ দেউৰী, ডাঃ দিগন্ত দত্ত , ডাঃ সৌৰভজ‍্যোতি গোস্বামীয়ে উন্মোচনী অনুষ্ঠানটিত পেলু কি , কেনেদৰে পেলু হ’ব পাৰে , পেলু নিৰ্মূলকৰণৰ বাবে ল’বলগীয়া সাৱধানতা যেনে শৌচাগাৰ ব‍্যৱহাৰ কৰা, হাত ধুই খাদ‍্য গ্ৰহণ কৰা, খালী ভৰিৰে খোজ নকঢ়া, নখ চুটিকৈ কাটি ৰখা, বিশুদ্ধ পানীৰ ব‍্যৱহাৰ কৰা আদি বিষয় সম্বন্ধে ছাত্ৰ-ছাত্ৰী সকলক সৰল ভাষাৰে বুজাই কয়। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পেলু নিৰ্মূলকৰনৰ টেবলেট এলবেন্ডাজল বিতৰন কৰা হয়।

অনুষ্ঠানটিত মাজুলী জিলা স্বাস্থ‍্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ লোকনাথ দেউৰী, ডাঃ দিগন্ত দত্ত, ডাঃ উদয়ন বৰদলৈ, ডাঃ সৌৰভজ‍্যোতি গোস্বামী, জিলা সংবাদ বিশেষজ্ঞা, ডিচিঅ’, প্ৰধান শিক্ষক ৰবীন নাথ, ৰঙাচাহী ৰাজ‍্যিক চিকিৎসালয়ৰ সমূহ চিকিৎসা কৰ্মীৰ লগতে আশা কৰ্মী, এ-এন-এম সকলৰ লগতে বিদ‍্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।