মাজুলীৰ যুৱ সমাজকৰ্মী মহিলা কমলা লক্ষ্মী পগাগৰ উদ্যোগত বিনামূলীয়া পাঠ দান কাৰ্যসূচীৰ শুভাৰম্ভ

মাজুলীৰ যুৱ সমাজকৰ্মী মহিলা কমলা লক্ষ্মী পগাগৰ উদ্যোগত বিনামূলীয়া পাঠ দান কাৰ্যসূচীৰ শুভাৰম্ভ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ জকাইবোৱা কলিয়া উচচ মাধ্যমিক বিদ্যালয়ত মাজুলীৰ যুৱ সমাজকৰ্মী মহিলা কমলালক্ষী পগাগৰ উদ্যোগত আৰু “কমলালক্ষী পগাগ ফেনচ্‌ ক্লাৱ” ৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ উদ্দেশ্যে ২০ দিনীয়া কাৰ্যসূচীৰে ষষ্ঠমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈ এক গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ আয়োজন কৰিছে। আনুষ্ঠানিকভাৱে  অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে  বিপুল মিলিয়ে। শিক্ষক হিৰামনি পগাগৰ সভাপতিত্বত অনুস্থিত হোৱা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে প্ৰধান শিক্ষক ৰঞ্জন মিলি  , বিশিষ্ট অতিথি হিচাপে শিক্ষক জিতু পগাগ,  প্ৰণৱজ্যোতি বাৰিক আৰু মৰমী গায়ন উপস্থিত থাকে। কমলালক্ষী পগাগ ফেনচ্‌ ক্লাৱ”ৰ কৰ্মকৰ্তা সকলৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী , অভিভাৱক-অভিভাৱিকা ,  ৰক্তিম শইকীয়া, টিংকু পাটিৰৰ লগতে স্থানীয় বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিৰ উদ্যোক্তা কমলালক্ষী পগাগে এনেদৰে আগলৈও ছাত্ৰ-ছাত্ৰী তথা সমাজৰ স্বাৰ্থত কাম কৰি যাৱ বুলি মত পোষণ কৰে। শিক্ষক থগেশ্বৰ পায়েং , মনোজ পাদুন আদিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়ণৰ ওপৰত বক্তব্য আগবঢ়ায়।