মাজুলীৰ মায়ামৰা আজলী আই ( বা-ভগা) থানৰ বাৰ্ষিক থান সেৱা উৎসৱ 

মাজুলীৰ মায়ামৰা আজলী আই ( বা-ভগা) থানৰ বাৰ্ষিক থান সেৱা উৎসৱ 

৫০ হাজাৰোধিক লোকৰ সমাৱেশ ;  

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা লোকে লোকাৰণ্য আজলী আই ক্ষেত্ৰ

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ মায়ামৰা আজলী আই ( বা-ভগা) থানৰ বাৰ্ষিক থান সেৱা উৎসৱভাগী প্ৰতি বছৰে  মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত হয়। মেখেলি গাঁৱৰ সমীপত তথা নতুন চামগুৰি সত্ৰৰ সন্মুখত অৱস্থিত  থানখনৰ  এই বাৰ্ষিক উৎসৱত মাজুলীৰ লগতে ৰাজ্যখনৰ  বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক আদৰণি জনাই থান সেৱা সমিতিয়ে ৷

প্রত্যেক বছৰৰ মাঘ মাহৰ প্ৰথমটো দেওবাৰে পুৱাৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মায়ামৰা আজলী আই ( বা-ভগা) থান ।  অসমৰ প্ৰায় ১৫ খন জিলাৰ ৫০ হাজাৰোধিক ভক্তই প্ৰাৰ্থনা আগবঢ়াই এই আজলী আই ( বা-ভগা) থানত । মায়ামৰা সমাজৰ আদ্য গুৰু অনিৰুদ্ধ দেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলী আইয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাঁহৰ পাতি আছিল আৰু ইয়াতেই শেষ নিশ্বাস ত্যাগ কৰিছিল ।

আজলী আইয়ে শেষ নিশ্বাস কৰা দিনটোতে আজলী আইক সুঁৱৰি আজলী আই থানত বাৰ্ষিক নাম কীৰ্ত্তন অনুষ্ঠিত কৰে মায়ামৰা সমাজে। প্ৰথম অৱস্থাত মায়ামৰা সম্প্ৰদায়ৰ মাজতে সীমিত আছিল এই অনুষ্ঠান ভাগ। প্ৰথম অৱস্থাত হাবিৰ মাজত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠান ভাগিয়ে পাছৰ পৰ্যায়ত অঞ্চলবাসী ৰাইজৰ সহযোগত তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগত আৰু শেহতীয়াকৈ অসম চৰকাৰে অনুষ্ঠান ভাগিলৈ কিছু সহায় হাত আগবঢ়োৱাত  এই থান খনে আজিৰ এই অৱস্থা পাইছেহি ।

এই বাৰ্ষিক উৎসৱ ভাগি সফল কৰি তোলাৰ কাৰণে থান উন্নয়ন সমিতিৰ সভাপতি  কুমুদ চন্দ্ৰ দাস , সম্পাদক  প্ৰহ্লাদ দাস আৰু বিষয় ববীয়া সকলে সকলো ভক্ত প্ৰাণ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।