মাজুলীৰ নৱৰতনপুৰ নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠ সফলতাৰে সামৰণি ; অন্তিম দিনা শিশু ভাওনাই মুহিলে ৰাইজক
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিনীয়া কাৰ্যসূচীৰে উজনি মাজুলীৰ বৃহত্তৰ মূদৈবিল অঞ্চলৰ নৱৰতনপুৰ গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা বিশ্বশান্তি আৰু কল্যাণাৰ্থে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান কালি সফলতাৰে সামৰণি পৰে । আয়তিৰ উৰুলি ধ্বনিৰ মাজৰে এলেঙ্গী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া ভৱ মহন্তৰ উপস্থিতিত এলেঙ্গী নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তই এই ভাগৱত পাঠ সামৰণি অনুষ্ঠান সম্পন্ন কৰে। ইয়াৰ পাছত গাঁৱৰ যুৱক যুৱতী তথা আইসকলে হৰিনামৰ ধ্বনিৰে গৈ জেংৰাইমুখৰ খেৰকটীয়া নদীত বেদী বিসৰ্জন কৰ্ম সম্পন্ন কৰে । এই বেদী বিসৰ্জন প্ৰক্ৰিয়াৰ গুৰি ধৰে সাংস্কৃতিক কৰ্মী পূৰ্ণানন্দ শইকীয়াই । আজি দিনৰ ভাগত গাঁৱৰ বৰ-সবাহৰ অন্ততঃ ৰাতিলৈ ৰুবুল দত্তৰ পৰিচালনাৰে তথা জয়ন্ত বৰা , দ্বীপেন ৰাজখোৱা , ৰঞ্জিত শইকীয়া , ঘনকান্ত চমুৱা আৰু সংগীবৃন্দৰ দোহাৰ ত গাঁৱৰ শিশু সকলৰ প্ৰদৰ্শন কৰা “কুৰুসন্ধা” ভাওনা খনিয়ে সকলোৰে মন চুই যায় । শিশু সকলৰ নিখুঁত অভিনয়ে ভাওনা খনিৰ শেষৰটো দৃশ্যলৈকে দৰ্শকক ধৰি ৰখাটোৱেই ই প্ৰমাণ কৰে। আটক ধুনীয়াকৈ সজ্জিত কৰি অনুষ্ঠিত ভাগি সকলো প্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাত উদযাপন সমিতিৰ সভাপতি প্ৰসন্ন শইকীয়া , উপ-সভাপতি মাধৱ শইকীয়া , যুটীয়া সম্পাদক নিপেন শইকীয়া , অভিজিত ৰাজখোৱা আৰু সহঃ সম্পাদক অচ্যুৎ শইকীয়াই সকলোলৈকে কৃতজ্ঞতা জনাইছে।