মাজুলীৰ দুগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ

মাজুলীৰ দুগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  প্লাষ্টিক বৰ্জন, পলিথিন বৰ্জন, পেলনীয়া জাবৰ-জোথৰ সঠিক স্থানত পেলোৱা, ৰাজহুৱা স্থান পৰিষ্কাৰকৈ ৰখাৰ বাবে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান মিছনৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।  বহু সময়ত বহু অনুষ্ঠান – প্ৰতিষ্ঠান , বে-চৰকাৰী সংস্থা সমূহে ও  এনে স্বচ্ছতাৰ কাৰ্যসূচী  বহু সময়ত ৰূপায়িত কৰি সমাজলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰি আহিছে । তেনে এক সময়তে  মাজুলীৰ দুগৰাকী মহিলাৰ এনে হিতৈষী পদক্ষেপে উৎসাহ-আনন্দ প্ৰদান কৰাৰ লগতে বহুজনলৈ দিছে এক প্ৰেৰণাদায়ক বাৰ্তা। সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপিকা, লেখিকা তথা সমাজ সেৱিকা লক্ষিমী বৰুৱা আৰু লেখিকা তথা অভিনয় শিল্পী কৃষ্ণা মেধিয়ে আজি অফলামুখ ফেৰী ঘাটত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। উৎকট গৰমৰ মাজতে দুয়োগৰাকী মহিলাই শ শ যাত্ৰীয়ে অহা-যোৱা কৰা ফেৰীঘাটটো আৰু ইয়াৰ আশে-পাশে থকা প্লাষ্টিকৰ বটল, জাবৰ-জোথৰ, জেং-জাবৰ আৰু অন্যান্য অব্যৱহাৰ্য সামগ্ৰীসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলে। এয়া আমাৰ সমাজৰ বাবে বৰণীয় দিশ আৰু নতুন চামৰ বাবেও আদৰ্শস্বৰূপ। আগন্তুক দিনত মহিলাদ্বয়ে মাজুলীৰ বিভিন্ন স্থানত এনে স্বচ্ছ অভিযান কাৰ্যসূচী  গ্ৰহণ কৰি যাব  বুলি জানিবলৈ দিয়ে। দুয়োগৰাকী মহিলাৰ এনে সাহসী পদক্ষেপ সচাঁই প্ৰসংশনীয় ।