মাজুলীৰ দক্ষিণ অংশৰ আউনীআটী বিষ্ণুদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ বিদায় সভা

মাজুলীৰ দক্ষিণ অংশৰ আউনীআটী বিষ্ণুদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ বিদায় সভা ;
শিক্ষাগুৰুৰ চৰণ চুই আৰ্শীবাদ ভিক্ষা কৰি কান্দোনত ভাগি পৰিল বিদায়ী ছাত্ৰ- ছাত্ৰীঃ  birinchikr.sarmah2014@gmai.com
 বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ অন্তভূক্ত দক্ষিণ মাজুলীৰ আউনীআটী বিষ্ণুদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ২০২৪-২৫ শিক্ষা বৰ্ষৰ দশম শ্ৰেণীৰ বিদায় সভা খনি অনুষ্ঠিত হয়। বিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সৌজন্যত অনুষ্ঠিত হোৱা উক্ত  বিদায় সভাৰখনৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ সাধাৰন সম্পাদক  লক্ষী নাৰায়ন মূদৈয়ে। উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক  মণিৰাম বৰাই। ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যতে অধ্যয়নমুখী হৈ জীৱনৰ লক্ষ্যত উপনীত হবলৈ পৰামৰ্শ প্ৰদান কৰি উক্ত বিদায় সভাখন উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক  গোবিন চন্দ্ৰ ভূঞাই। নিজৰ উদ্বোধনী ভাষণত প্ৰধান শিক্ষক ভূঞাই আজি বিদায়ী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি  অধ্যয়নৰ প্ৰতি দিহা পৰামৰ্শ দিয়াৰ লগতে ভবিষ্যতে  বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব পাৰি তাৰ বাবে নিজকে কেনেদৰে প্ৰস্তুত কৰিব লাগিব বিশদ ভাবে ব্যাখ্যা দাঙি ধৰে। তেওঁ লগতে কয় যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গোট পৰীক্ষাৰ পাছতে প্ৰতি গৰাকী পৰীক্ষাৰ্থীৰ ঘৰত গৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে অভিভাৱকসকলৰ লগতো  মত বিনিময় কৰিব। ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠানে সকলোকে আবেগিক কৰি তোলে। সভাখনত বিশষ্ট অতিথি তথা মাজুলী শিক্ষা খণ্ডৰ খণ্ড সমন্বয়ক  মাধুৰ্য মহন্তই  ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয় খন ২০১৫ চনৰ পৰা ২০২৪ চনলৈ ধাৰাবাহিক ভাবে  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ১০০ শতাংশৰ ধাৰা যাতে ভৱিষ্যতেও অক্ষুণ্ণ থাকে তাৰ বাবে কঠোৰ অধ্যয়ন কৰিবৰ বাবে আহ্বান জনাই। সভাত শিক্ষক গোটৰ তৰফৰ পৰা সংস্কৃত শিক্ষক  গনেশ বৰা প্ৰমুখ্য কেইবাগৰাকী শিক্ষকে ছাত্ৰ- ছাত্ৰীসকলক অধ্যয়নৰ বাবে দিহা বিভিন্ন পৰামৰ্শ আগবঢ়ায় । দশম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ আৰ্শীবাদ বিচাৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু অতিথিসকলক অসমীয়াৰ পৰিচয় একোখনকৈ ফুলাম গামোছা দি সেৱা কৰে। প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ চৰণ চুই সেৱা কৰি দশম শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলে আৰ্শীবাদ ভিক্ষা কৰে আৰু কান্দোনত ভাগি পৰে ।  শেষত সভাপতিৰ ভাষণৰ পাছত জাতীয় সঙ্গীত পৰিৱেশন কৰি সভাখন পৰিসমাপ্ত কৰা হয়।