মাজুলীৰ জ্যেষ্ঠ সাংবাদিক জীৱন বৰুৱাক আপকুৰ শ্ৰেষ্ঠ সংগঠক ৰাজ্যিক বঁটা : আপকু কেন্দ্ৰীয় চতুৰ্দশ দ্বি- বাৰ্ষিক ঢেকীয়াজুলী অধিবেশনৰ মুকলি সভাত আনুষ্ঠানিকভাৱে বঁটা প্ৰদান : সত্ৰাধিকাৰ প্ৰমুখ্যে অনুষ্ঠান- প্ৰতিষ্ঠানৰ অভিনন্দন জ্ঞাপন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জনপ্রিয় আৰু বহুল প্ৰচাৰিত দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মাজুলীৰ বিশেষ সেৱাৰ সংবাদদাতা মাজুলীৰ জ্যেষ্ঠ সাংবাদিক জীৱন বৰুৱাক অসমৰ সৰ্ব বৃহৎ সাংবাদিক সংগঠন আসাম প্ৰেছ ক’ৰেস্পণ্ডেণ্টছ ইউনিয়ন (আপকু)ৱে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰদান কৰে । এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলীৰ লোক নায়ক অমিয়কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত আচাম প্ৰেছ ক’ৰেস্পণ্ডেণ্টছ ইউনিয়ন (আপকু) কেন্দ্ৰীয় সমিতি চতুৰ্দশ কেন্দ্ৰীয় দ্বি- বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনৰ মুকলি অধিবেশনত । অসমৰ সংবাদ জগতৰ সহস্ৰাধিক সাংবাদিক ,বুদ্ধিজীৱী আৰু চিন্তাশীল ব্যক্তিৰ লগতে বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলৰ ৰাইজৰ উপস্থিতিত মুকলি অধিবেশনৰ এক গুৰু গম্ভীৰ পৰিবেশত আপকু কেন্দ্ৰীয় সমিতিয়ে মাজুলীৰ জ্যেষ্ঠ সাংবাদিক জীৱন বৰুৱাক এই বঁটা প্ৰদান কৰে । এই বঁটাত এখন চেলেং চাদৰ, ফুলাম গামোচা , সম্বৰ্ধনা পত্ৰ, স্মাৰক আদি প্ৰদানেৰে বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰি অনুষ্ঠানিকভাবে বঁটাটি প্ৰদান কৰে সভাৰ বিশিষ্ট অতিথি , সাহিত্যিক সাংবাদিক ঋষিকেশ গোস্বামী , আপকুৰ মুখ্য উপদেষ্টা মনোজ সিং, সভাপতি স্বপ্নন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচুম জ্যোতি বৈশ্য , লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শুকদেৱ অধিকাৰী , প্ৰতিদিন কাকতৰ উপ সম্পাদক স্বপা বেজবৰুৱা , ড০ চন্দন কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱাই। তাৎপৰ্যপূৰ্ণ ভাবে , আপকু কেন্দ্ৰীয় সমিতিয়ে ২০২৪ বৰ্ষৰ পৰা আপকুৰ সক্ৰিয় তথা নিষ্ঠাবান কাৰ্যকতা সকলক বিগত সময় চোৱাত সংগঠনটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে আপকুক জন মানসত সবল কৰা , জনপ্ৰিয় আৰু সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক পৰ্য্যয়ত শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰদান কৰিছে ।
উল্লেখ্য যে গত ২৮ ডিচেম্বৰ তাৰিখে মৰাণস্থিত টাই অধ্যয়ন আৰু প্ৰতিষ্ঠানত অনুষ্ঠিত আপকুৰ অন্তিমখন কাৰ্যনিবাহক সভাই সৰ্ব সন্মত ভাবে গঠন কৰি দিয়া জুৰি ব’ৰ্ডে “আপকু শ্ৰেষ্ঠ সংগঠক বঁটা -২০২৪ ” ৰ বাবে মাজুলীৰ জ্যেষ্ঠ সাংবাদিক গৰাকীক মনোনীত কৰে। উল্লেখ্যযোগ্য যে, জ্যেষ্ঠ সাংবাদিক জীৱন বৰুৱাৰ নেতৃত্বত ২০১৮ বৰ্ষত মাজুলীত মাজুলী জিলা সমিতি আপকু প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক সভাপতি হিচাপে অসমৰ সাংবাদিক মঞ্চত সবল সংগঠকৰ নেতৃত্ব প্ৰদান কৰি তেখেতৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে মাজুলীত আপকুৰ স্থায়ী কাৰ্যালয়ৰ বাবে ভূমি আৱন্টন পোৱাৰ লগতে চৰকাৰী পক্ষৰ পৰা পুঁজি লাভ কৰিবলৈ সক্ষম হৈ স্থায়ী কাৰ্যলয়ৰ গৃহ নিৰ্মাণ আৰম্ভ কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছিল । মাজুলীৰ দৰে এখন দুৰ্গম অঞ্চলৰ পৰা ৯০ দশকতে মাজুলীৰ পৰা প্ৰকাশিত ” পষেকীয়া মাজুলী” কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰা এইগৰাকী সংবাদিকে ছাত্র অৱস্থাৰ পৰাই সমাজৰ প্ৰতি দায়বদ্ধহৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কালতে ছাত্ৰ একতা সভাৰ তৰ্ক সম্পাদক আৰু আলোচনী সম্পাদকৰ দ্বায়িত বহন কৰি সাহিত্য সংস্কৃতিৰ পথাৰত খোজ পেলাই পাছলৈ মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থা , মাজুলী মহকুমা ছাত্র সংস্থা আদি জাতীয় সংগঠনৰ নেতৃত্ব প্ৰদান কৰিছিল । এই গৰাকী সাংবাদিকে বিভিন্ন সময়ত অসমৰ সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি ৰামধেনু শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰি তাৰ পৰৱৰ্তী সময়ত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা গঠন কৰি প্ৰতিষ্ঠাপক সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰাৰ লগতে পৰৱৰ্তী সময়ত সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দ্বায়িত বহন কৰি সাহিত্য সভা উত্তৰণৰ গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে। সাংবাদিক হিচাপে নিৰ্ভীক আৰু নিৰপেক্ষ দৃষ্টিভংগীৰে সংবাদ পৰিবেশনৰ মাধ্যমেৰে বাস্তৱিক ঘটনা আৰু পৰিঘটনা সঁচা ৰূপত প্ৰতিফলন কৰাৰ ক্ষেত্ৰত আপোচবিহীন ভাবে সংগ্ৰাম কৰি সমাজ জীৱন উন্নয়নত উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে । এই গৰাকী সাংবাদিকে নিজৰ প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰ পালন কৰাৰ সমান্তৰাল ভাৱে অসমৰ মফছলীয়া সাংবাদিক সংস্থা আছাম প্ৰেছ ক’ৰেছস্পণ্ডেনণ্ট ইউনিয়ন (আপকূ)ৰ কেন্দ্ৰীয় উপসভাপতিৰ গধুৰ দায়িত্ব একেৰাহে চাৰি বছৰ পালন কৰি অসমৰ সৰ্ব বৃহৎ সাংবাদিক সংগঠনৰ সাংগঠনিক স্থিতি সৱলীকৰণ কৰাৰ কাৰণে বিশেষ ভূমিকা পালন কৰি আহিছে আৰু কালিৰ প্ৰতিনিধি সভাই তৃতীয়টো কাৰ্যকালৰ বাবে সৰ্ব সন্মতিক্ৰমে নিৰ্বাচিত কৰিছে । সৰুৰে পৰা লেখা মেলাত ব্যস্ত সাংবাদিক এগৰাকী কবি হিচাপে পৰিচিত । কেৱল আপকু সংগঠনৰ দ্বায়িত পালন কৰাৰ উপৰিও মাজুলী জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সাধাৰণ সম্পাদক, মাজুলী জিলা কোচ ৰাজবংশী সন্মিলনী সাধাৰণ সম্পাদক , সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সাংগঠনিক সম্পাদক , মাজুলী জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক, মাজুলীৰ আগশাৰীৰ চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিৰ আদি কৰি মাজুলীৰ কুৰিটাৰো অধিক সামাজিক , সাংস্কৃতিক আৰু জাতীয় অনুষ্ঠান , প্ৰতিষ্ঠানৰ সৈতে জড়িত এগৰাকী সু-বক্তা আৰু এজন সু- সংগঠক হিচাপে সেৱা আগবঢ়াই আহিছে । মাজুলীৰ দৰে অঞ্চলৰ পৰা অৰ্থনৈতিক অভাৱ অনাটনকো আওকাণ কৰি কেৱল জনগণৰ বাবে অসমৰ সংবাদ ক্ষেত্ৰত সংবাদ সেৱা আগবঢ়াই যোৱা সাংবাদিক গৰাকীক প্ৰকৃতাৰ্থতাই সংবাদ ক্ষেত্ৰৰেই নহয় তেখেত সকলো দিশেৰে এজন ভাল সংগঠক বুলি পৰিচিত মাজুলীৰ সচেতন ৰাইজ মাজত । তেখেতৰ এই প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী , উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী ,মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিত শইকীয়া, মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মাজুলী জিলা নাট্য সন্মিলনীৰ সভাপতি আৰু আউনীআটি বিশ্ব বিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জিত কুমাৰ ভূঞা, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ডঃ যাদৱ বৰা, দৈনিক জনমভূমি বসুন্ধৰাৰ সম্পাদক শাংকৱ কৌশিক বৰুৱা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা , মাজুলী জিলা লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মিনতি শইকীয়া, বিশিষ্ট সমাজকৰ্মী বাচৰাম বৰুৱা , মাজুলী জিলা আপকুৰ সভাপতি ৰঞ্জন বৰা সম্পাদক তীৰ্থ ভূঞা আৰু পৰিয়ালবৰ্গ , মাজুলী জিলা সাংবাদিক সন্থা সভাপতি দিবাকৰ শইকীয়া , সম্পাদক ডিম্বেশ্বৰ দত্ত , গড়মূৰ প্ৰেছ ক্লাৱৰ সভাপতি উৎপল কাকতি, সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা, সদৌ মাজুলী জিলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল শইকীয়া, গড়মূৰ পীতাম্বৰদেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামী ,গড়মূৰ সদৰ আঞ্চলিক ছাত্র সন্থা, মধ্য মাজুলী আঞ্চলিক ছাত্র সন্থা, মাজুলী জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন, মাজুলী কেন্দ্ৰীয় সাংস্কৃতিক মহাবিদ্যালয় , মাজুলী-ডায়েৰী পৰিয়াল , ৰেডিঅ’ শ্ৰোতা সংঘ – অনাতাঁৰ মৰম পৰিয়াল আদি বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বঁটা প্ৰাপক জীৱন বৰুৱাই এই প্ৰতিবেদকক তেখেতৰ অনুভৱ ব্যক্ত কৰি কয় , এজন সামাজিক কৰ্মী হিচাপে আজিৰ দিনটো জীৱনৰ স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে । অসমৰ মফচলিয়া সাংবাদিকৰ শক্তিশালী সংগঠন আপকুৱে “আপকু শ্ৰেষ্ঠ সংগঠক বঁটা”ৰে এই অভাজনক সন্মানিত কৰিলে এয়া মোৰ সামাজিক জীৱনৰ সফলতা । যদি কিবা প্ৰাপ্তি বুলি ভাবো সেয়া সামাজিক জীৱনৰ বাবেহে সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে আৰু আপকু কেন্দ্ৰীয় সমিতিৰ ওচৰত চিৰ কৃতজ্ঞ বুলি অনুভৱ ব্যক্ত কৰে ।