মাজুলীৰ অস্তিত্ব আৰু অনন্য ঐতিহ্য সংস্কৃতিৰ সংৰক্ষণ আৰু ইয়াৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিবৰ বাবে চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সাংস্কৃতিক ঐতিহ্যৰ ধ্বজা বহন কৰি অহা সত্ৰ নগৰী মাজুলীৰ অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনালে লোকসভাৰ বিৰোধী উপ দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে ৷ বৃহস্পতিবাৰে লোকসভাৰ অধিনিয়ম ৩৭৭ৰ অধীনত বিৰোধী উপ-দলপতি গগৈয়ে নদী দ্বীপ মাজুলীৰ অস্তিত্ব ব্ৰক্ষ্মপুত্ৰ নদীৰ ভয়াবহ বানপানী আৰু খহনীয়াই বিপন্ন কৰি তোলাৰ প্ৰসংগ উত্থাপনেৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে ভৱিষ্যতৰ বাবে মাজুলীক সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলোধৰণৰ প্ৰয়োজনীয় সম্পদৰ আবন্টন দিব লাগে ৷ গগৈয়ে কয় —“ দীৰ্ঘদিন ধৰি অব্যাহত থকা প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বানপানীৰ বাবে মাজুলীৰ অস্তিত্ব ভাবুকিৰ সন্মুখীন হৈছে। বছৰৰ পিছত বছৰ ধৰি বিধ্বংসী বানপানীয়ে ইয়াৰ হাজাৰ হাজাৰ বাসিন্দাক গৃহহীন কৰিছে ৷ খহনীয়াৰ ফলত মাটি বাৰী, ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ ফলত আপোন ঠাই এৰিব লগা হৈছে আক্ৰান্ত সকলে ৷ জীৱন- জীৱিকাৰ সকলো পথ ৰুদ্ধ কৰি তুলিছে প্ৰাকৃতিক দুৰ্যোগে । দ্বীপটোৰ ভূখণ্ড ভয়ংকৰ হাৰত সংকুচিত হৈ পৰাৰ ফলত কৃষিকেই জীৱন জীৱিকা হিচাপে লোৱা চহা লোকসকলে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৷ যোৰহাট- মাজুলীৰ দলং নিৰ্মাণ স্হবিৰ হৈ পৰা প্ৰসংগ উত্থাপন কৰি সাংসদ গৰাকীয়ে কয় যে ই দ্বীপটোৰ সামগ্ৰীক উত্তৰনত প্ৰতিবন্ধকতা হৈ থিয় দিছে ৷ সাংসদ গগৈয়ে লগতে কয় — “ বহু প্ৰত্যাশিত যোৰহাট- মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম স্হবিৰ হৈ পৰিছে । এই স্হবিৰতাই দ্বীপটোৰ যোগাযোগ আৰু অৰ্থনৈতিক বিকাশত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। দলং খন সম্পূৰ্ণ হৈ নুঠাত অত্যাৱশ্যকীয় সামগ্ৰী, চিকিৎসা সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীৰ পৰিবহণত বাধাৰ সৃষ্টি হৈছে , যাৰ ফলত দ্বীপটোৰ জনসাধাৰণ প্ৰত্যক্ষভাৱে প্ৰায় বিচ্ছিন্ন আৰু দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে । ” ২০১৪ চনত আৰম্ভ হোৱা যোৰহাট-ডিব্ৰুগড় -জাগীৰোড প্ৰকল্পত ২০১৫ চনত ক্ষতিপূৰণ প্ৰদান কৰা সত্ত্বেও ভূমি অধিগ্ৰহণ আৰু নিৰ্মাণত পলম হোৱা দিশটোও উনুকিয়াই সাংসদ গৰাকীয়ে ৷ মাজুলীৰ ভৱিষ্যত এনেবোৰ বিষয়ে দুদোল্যমান কৰি তোলা বুলি উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ কয় যে মাজুলীৰ অনন্য সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ জনসাধাৰণৰ মংগল নিশ্চিত কৰিবৰ বাবে চৰকাৰে দ্ৰুত আৰু নিৰ্ণায়কভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই জৰুৰী বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আৰু মাজুলীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় পূঁজি আৱণ্টন দিবলৈ চৰকাৰক টানি অনুৰোধ জনাই সাংসদ গগৈয়ে৷