মাজুলীত মহিলা কংগ্ৰেছৰ সাংগঠনিক সভা

মাজুলীত মহিলা কংগ্ৰেছৰ সাংগঠনিক সভা
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  জিলা সদৰ গড়মূৰস্থিত মাজুলী  জিলা কংগ্ৰেছৰ কাৰ্যালয়ত মাজুলী জিলা মহিলা কংগ্ৰেছ কমিটীৰ  সভানেত্ৰী কমলালক্ষী পগাগৰ সভানেত্ৰীত্বত  আজি এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ক্ৰমে মৰমী গায়ন, বীণাপাণি দাস, পৰশমণি দাস, বিজু পায়েং ,ফুলেশ্বৰী দেউৰী, সাধাৰণ সম্পাদিকা সুৰভী বাৰিক,মিনালী মিলি, ৰীনা মিলি, প্ৰীতি পায়ুন, জুলী কামান, ৰিজুমনি মিলি , সম্পাদিকা পূৰবী ভৰালী,  ধনদা নাথ, সংগীতা পায়েং, লীলাৱতী শইকীয়া, এলিজা দেউৰী,  সুমিত্ৰা মিলি, জ্যোন্তি গাম, গীতা নৰহ, সদস্যা নমিতা পায়েং আদি অন্যান্য সদস্যা কৰ্মী উপস্থিত থকা সভাত মাজুলী জিলা কংগ্ৰেছৰ উপ-সভাপতি তথা মাজুলী জিলা মহিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক কালিৰাম কুলি , প্ৰদেশ মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী গীতাঞ্জলী বৰা, দুয়োটা ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে লক্ষ্য গায়ন আৰু মহেন্দ্ৰ শইকীয়া , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ অধ্যক্ষ প্ৰণৱজ্যোতি বাৰিক, সাংগঠনিক সম্পাদক দিনমণি দত্ত আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ জীৱেশ্বৰ গাম উপস্থিত থাকি বিভিন্ন গঠন মূলক পৰামৰ্শৰে বক্তব্য আগবঢ়ায়। আজিৰ সভাতে নৱনিযুক্ত বিষয় ববীয়ানীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে সভাৰ অন্তত পশ্চিম বংগৰ আৰ জি কাৰ মেডিকেল কলেজৰ  ৩১ বছৰীয়া  চিকিৎসক ডাঃ মৌমিতা দেৱনাথক কৰা অমানৱীয় নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক দোষীক ফাঁচী দি নাৰীসুৰক্ষা তথা ন্যায়ৰ দাবী জনায় জিলা সভানেত্ৰী কমলালক্ষী পগাগে।