মাজুলীত পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ ড০ মানিক শইকীয়াক ” জীৱন জয়শ্ৰী বঁটা”প্ৰদান

মাজুলীত পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ ড০ মানিক শইকীয়াক ” জীৱন জয়শ্ৰী বঁটা”প্ৰদান

নামনি মাজুলীত অনুষ্ঠিত হোৱা “আবেলিৰ আলাপ”ত ড০ মানিক শইকীয়াৰ জীৱন বীক্ষা ব্যাখ্যা কৰিলে বিশিষ্ট কবি উজ্জ্বল পাওগামে ; মেধাৱী ছাত্ৰ মানস প্ৰতীমক সম্বৰ্ধনাঃ

বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলাৰ নামনি মাজুলীৰ ভালুকমৰাস্থ পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ উদ্যোগত  ” আবেলিৰ আলাপ” নামৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড০ মানিক শইকীয়াক ” জীৱন জয়শ্ৰী বঁটা”প্ৰদান কৰা হয়। আজি বিয়লি এক বজাৰ পৰা পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সাংবাদিক খগেন হাজৰিকাই। পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ সঞ্চালক যতীন্দ্ৰ নাথ মূদৈয়ে পৰিচালনা কৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট কবি , লেখক , সমালোচক, শিক্ষাবিদ তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মানিক শইকীয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰনাথ মুদৈ , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়া, বিশিষ্ট কবি দীপাংকৰ জ্যোতি বৰাই অংশগ্ৰহণ কৰি আবেলি আলাপত বিভিন্ন ৰসাল ধৰ্মী ভাষন প্ৰদান কৰে। উক্ত অনুষ্ঠানত ড০ মানিক শইকীয়াৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সুদীৰ্ঘ বক্তৃতা প্ৰদান কৰে যোৰহাটৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক আৰু কবি উজ্জ্বল পাওগামে। তেওঁ ড০ মানিক শইকীয়াৰ সাহিত্য আৰু সামাজিক কৰ্মৰাজীৰ মূল্যায়ন কৰি অসমৰ সমাজ জীৱনত তেওঁ মাটি আৰু মানুহৰ বাবে আগবঢ়োৱা অৱদানসমূহ তন্ন তন্নকৈ ব্যাখ্যা কৰে। অসমৰ নতুন চাম কবি সৃষ্টি কৰাত, নতুন গ্ৰন্থ ৰচনা কৰাত ড০ মানিক শইকীয়াৰ অৱদান উল্লেখ কৰি ড০ মানিক শইকীয়াৰ জীৱনৰ ওপৰত এখন ” অভিনন্দন গ্ৰন্থ” প্ৰণয়ন কৰাৰ বাবে বক্তা উজ্জ্বল পাওগামে প্ৰস্তাৱ দিয়ে। উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুখ্য অতিথি ড০ মানিক শইকীয়াক আজি ” জীৱন জয়শ্ৰী”বঁটা প্ৰদান কৰা হয়। উক্ত বঁটাত এশৰাই তামোল-পাণ, স্মাৰক, অংগ বস্ত্ৰ, কিতাপৰ টোপোলা আৰু মানপত্ৰ আগবঢ়োৱা হয় । উক্ত জীৱন জয়শ্ৰী বঁটা গ্ৰহণ কৰি ড০ মানিক শইকীয়াই অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতি, অসমীয়া নাট্য সাহিত্য আৰু মাতৃভাষা ভাওনা, নতুন চাম কবি সন্দৰ্ভত তত্বগধুৰ বক্তৃতা প্ৰদান কৰে। তেওঁ বঁটা গ্ৰহণ কৰি জীৱনটো পুনৰ জীপাল হোৱা বুলি উল্লেখ কৰে আৰু বঁটা প্ৰদান কৰা পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰা মাজুলী আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস প্ৰতীম শইকীয়াক “সহায় – হেপ্পী টু হেল্প” আৰু পথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। মেধাৱী ছাত্ৰ মানস প্ৰতীম শইকীয়াই সভাত নিজৰ অনুভৱ প্ৰকাশ কৰে। অনুষ্ঠানতে বিশিষ্ট কবি যতীন্দ্ৰ নাথ মূদৈ, জয়ন্ত শইকীয়া, অনন্ত শইকীয়া, ডি গোবিন আদিয়ে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে যতীন্দ্ৰ নাথ মুদৈয়ে ।