মাজুলীত ‘নেচকো’ আৰু ‘জনকল্যাণ’ৰ উদ্যোগত দিহানাম প্ৰতিযোগিতাৰ আয়োজন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা– উত্তৰ পূৰ্বাঞ্চলীয় সামাজিক সাংস্কৃতিক সংস্থা ‘জনকল্যাণ’ আৰু ‘নেচকো’এ অহা ৩০ আৰু ৩১ অক্টোবৰত গৌৰৱ উজ্জ্বল ২৮ আৰু ৩৯ টা বৰ্ষ সম্পূৰ্ণ কৰিব। লখিমপুৰ জিলাৰ বগীনদীস্থিত ‘জনকল্যাণ’ ভৱনত অহা ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে দুয়োটা সংস্থাৰ বাৰ্ষিক অধিৱেশন কেন্দ্ৰীয় ভাৱে উদ্যাপিত হ’ব। উক্ত কেন্দ্ৰীয় অধিবেশনৰ লগত সংগতি ৰাখি অহা ৩০ অক্টোবৰত প্ৰতি জিলাৰ লগতে মাজুলীতো জনকল্যাণ শীৰ্ষক সমবেত সংগীত আৰু দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে ৷ উক্ত প্ৰতিযোগিতাত অহা ২৮ অক্টোবৰত মাজুলীৰ যাদৱপুৰ গাঁৱৰ নামঘৰত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব । মাজুলী জিলা ভিত্তিত আয়োজিত উক্ত দিহানামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগী দলটিয়ে প্ৰথমে নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন মাচুল বিনামূলীয়া হ’ব। সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰিব লাগিব। দল সমূহে বাদ্যযন্ত্ৰ লগত নিব লাগিব । প্ৰতিটো দলত সৰ্বাধিক ১২ গৰাকীৰ অধিক হ’ব নোৱাৰিব। বাদ্যযন্ত্ৰ সংগতকাৰী সকলক এই সংখ্যাৰ ভিতৰত ধৰা নহয় । প্ৰতিটো দলে বিচাৰকৰ বিচাৰ আৰু মন্তব্যক সন্মান জনোৱাটো বাধ্যতামূলক। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ মানপত্ৰ সহ তিনিহাজাৰ, দুই হাজাৰ আৰু এক হাজাৰ টকাকৈ প্ৰদান কৰিব । উদ্যাপন সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হ’ব। ইয়াৰোপৰিও প্ৰথম পুৰস্কাৰ প্ৰাপ্ত দলটিয়ে কেন্দ্ৰীয় ভাৱে ৩০ অক্টোবৰত লখিমপুৰ জিলাৰ বগীনদীত আয়োজিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে যাতায়ত আৰু থকা খোৱাৰ ব্যৱস্থা কমিটীৰ তৰফৰ পৰা বহন কৰিব। কেন্দ্ৰীয় ভাৱে আয়োজিত দিহানাম আৰু জনকল্যাণ শীৰ্ষক সমবেত সংগীত প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত দল সমূহক মান পত্ৰ সহ আকৰ্ষণীয় নগদ ধন প্ৰদান কৰাৰ উপৰিও প্ৰতিটো অংশ গ্ৰহণ কাৰী দলকো একোখনকৈ মান পত্ৰ প্ৰদান কৰিব বুলি মাজুলী জিলা সমন্বয়ক প্ৰণৱজ্যোতি বাৰিক, ৰাজ্যিক সমন্বয়ক অনুৰাধা দেৱীয়ে জনোৱাৰ উপৰিও অধিক জানিবলৈ ৮১৩৪৮২১২৭৪ ত যোগাযোগ কৰিব পাৰিব ।