মাজুলীত কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাৰ সংবাদমেল

মাজুলীত কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাৰ সংবাদমেল
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সংন্থাই সংবাদমেল সম্বোধন কৰি জনগোষ্ঠীটোৰ বিভিন্ন বিষয়ক লৈ অসম চৰকাৰক সমালোচনা কৰে। মাজুলী গড়মূৰ চিতাদাৰচুকত সংবাদ মেল সম্বোধন কৰি সংগঠনটোৱে মিচিং সম্প্ৰদায়ৰ লোক সকলক চৰকাৰে প্ৰতাৰনা কৰি অহাৰ অভিযোগ তোলে। সংবাদমেলত কেন্দ্ৰীয় পকুৰ সন্থাৰ সভাপতি মেঘৰাম পায়েং, সাধাৰন সম্পাদক ব্ৰজেন মিলিয়ে কয় যে-শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনতে মেডিয়াম অফ ইন্সষ্ট্ৰাকছন ঘোষণা কৰিব লাগিব যদিহে ঘোষণা নকৰে পৰৱৰ্তী সময়ত সমগ্ৰ অসমত জংগী আন্দোলনৰ সৃষ্টি কৰিব তাৰ বাবে দায়বদ্ধ হ’ব লাগিব অসম চৰকাৰ। ডাঃ ৰণোজ পেগুক আমি জাতীয় নেতা হিচাপে শ্ৰদ্ধা কৰোঁ , ভক্তি কৰোঁ। ডাঃ ৰণোজ পেগুৱে এসময়ত কৈছিল সমাজৰ উন্নতি সাধনৰ বাবে ৰাজনৈতিক ক্ষমতা লাগে তাৰ বাবে মোক ৰাইজে সহায় সহযোগিতা কৰিব লাগিব। ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা দিয়াৰ পিছতো তেওঁ কৰিছে কি ! তেওঁ মিচিং সকলক পাহৰি গ’ল বুলি উল্লেখ কৰে। সংবাদমেল যোগে সংগঠনটোৱে বহু কেইটা দাবী উত্থাপন কৰে। সেই অনুসৰি ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ ২০২০-ৰ ৪.১১ আৰু ৪.১২ নিৰ্দ্দেশ ক্রমে প্রথম শ্ৰেণীৰ পৰা পঞ্চমমানলৈকে শিক্ষাৰ মাধ্যম প্ৰৱৰ্তন কৰি পৰ্য্যাপ্ত শিক্ষক নিযুক্তি দিয়া, যোৱা ২০২২-ৰ ৭ ফেব্ৰুৱাৰী তাৰিখে শিক্ষামন্ত্ৰীৰ নেতৃত্বত শিক্ষা বিষয়াসকল আৰু ইণ্ডিজিনিয়াচ ট্রাইবেল সাহিত্য সভা চমুকৈ ( ইটছা )ৰ প্রতিনিধিসকলৰ বৈঠকত সিদ্ধান্ত লোৱা মাইনুটছৰ সকলো দফা কাৰ্য্যকৰী কৰা, মেডিয়াম ঘোষণা কৰাৰ নামত প্ৰতাৰণা কৰি দূৰদূৰণিত কৰ্মৰত টেটৰ শিক্ষকসকলক আনি মিচিং ভাষাৰ পাঠদানৰ ব্যৱস্থা বন্ধ কৰা, অসম চৰকাৰে মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে সুকীয়াকৈ বিশেষ টেট অনুষ্ঠিত কৰি নতুন পদ সৃষ্টি কৰা, অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলৰ যিমানখিনি প্রাথমিক বিদ্যালয় আছে সকলো বিদ্যালয় সামৰি পৰ্যাপ্ত শিক্ষক নিয়োগৰ ব্যৱস্হা কৰা, অসমৰ সৰ্ববৃহৎ দ্বিতীয় জনগোষ্ঠী মিচিং ভাষাশিক্ষাৰ মৌলিক অধিকাৰক প্ৰতাৰণা কৰিব নোৱাৰিব ইত্যাদি দাবী উত্থাপন কৰে। চিতাদাৰচুক স্থিত গড়মুৰ ট্ৰাইবেল সংঘ কার্যালয়ত অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ সদস্য অমূল্য কামান, নিৰ্মল নৰহ, ৰণোজ পায়েং, ৰাহুল নৰহ, নন্দেশ্বৰ পামেকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া সদস্য উপস্থিত থাকে।