মাজুলীত উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক আৰু সহকাৰী সঞ্চালক ; জিলা আয়ুক্ত আৰু বিভাগীয় বিষয়াৰ সৈতে ভিন্ন কৃষিক্ষেত্ৰ পৰিদৰ্শন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ বিভিন্ন আঁচনিসমূহৰ লগতে বিভাগীয় কৃষিক্ষেত্ৰ পৰিদৰ্শনৰ উদ্দেশ্য দুদিনীয়া কাৰ্যসূচীৰে মংগলবাৰে মাজুলীত উপস্থিত হয় অসম কৃষি সঞ্চালকালয়ৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক নৃপেন দাস আৰু সহকাৰী সঞ্চালক কুমুদ হালৈ। পৰিদৰ্শন কালত তেখেত সকলে জিলাখনত থকা বিভিন্ন কৃষিক্ষেত্ৰ পৰিদৰ্শন তথা কৃষি পদ্ধতিৰ মূল্যাংকনৰ লগতে কৃষকসকলৰ মনৰ ভাৱ ল’বলৈ চেষ্টা কৰে।
সেই অনুসৰি, মংগলবাৰে দুয়ো গৰাকী বিষয়াই জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ সহিতে কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ভকত চাপৰি অঞ্চলত উপস্থিত হৈ বিভিন্ন শস্যৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি স্থানীয় কৃষকসকলৰ সৈতে উদ্যান শস্য খেতি সম্বন্ধীয় বিভিন্ন বিষয়ত মত-বিনিময় কৰে।
ইয়াৰ পিছতেই বুধবাৰে পুৱা জিলা আয়ুক্তৰ সহিতে দুয়োগৰাকী বিষয়াই জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰে। সেই অনুসৰি, প্ৰথমেই চিৰাম চাপৰিৰ মূদৈবিল, নৱৰতনপুৰ আৰু দেউৰী পামৰ দেউৰী গাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত বৃহৎ পৰিসৰত কৰিবলৈ লোৱা ভোট জলকীয়া খেতিৰ ক্ষেত্ৰ পৰিদৰ্শন কৰে।
তাৰ পিছতেই তেখেত সকলে ইতিমধ্যে তিল, সৰিয়হ আদি খেতি হৈ যোৱা কৃষি পথাৰত খাৰিফ শস্য যেনে- জিকা, ভেণ্ডী, কোমোৰা, ভুল, দাংবডি আদিৰ বৃহৎ এলেকাত খেতি কৰিবলৈ নিৰ্বাচিত বিভিন্ন পথাৰ পৰিদৰ্শন কৰে। উল্লেখ্য যে, এইক্ষেত্ৰত কৃষি পথাৰত প্ৰয়োজনীয় পানী লাভত যাতে কৃষকসকলে সমস্যাৰ সন্মুখীন নহয়, সেই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীয়ে জলসিঞ্চনৰ সুবিধা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
ইয়াৰ পিছতেই কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত কাৰ্গিল চাপৰিত প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে ৫০০ বিঘা কৃষি ভূমিত কৰা বিভিন্ন শস্যৰ পথাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত-বিনিময় কৰে। বৃহৎ পৰিসৰত কৰা এই খেতি পৰিদৰ্শন কৰি তেওঁলোক আপ্লুত হৈ পৰে। উক্ত সময়তে উদ্যান শস্যৰ সঞ্চালক গৰাকীয়ে এই খেতিত জড়িত কৃষকসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে আগন্তুক কৃষি বতৰত তেওঁলোকক ৫০ বিঘা মাটিত কৰিব পৰাকৈ অধিক উৎপাদনক্ষম উন্নত মানৰ ৰঙালাউ বীজ, ১০ বিঘা মাটিত কৰিব পৰাকৈ আপেল বগৰীৰ বীজ আৰু ২০ বিঘা মাটিৰ বাবে পলিহাউছ প্ৰদান কৰাৰ পূৰ্ণ আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে, জিলাখনত এই পৰিদৰ্শন কালত দুয়োগৰাকী বিষয়াৰ লগতে জিলা আয়ুক্ত গৰাকীয়ে কৃষকসকলৰ সৈতে মত-বিনিময় কৰি বহু মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে অনাগত সময়ত কৃষকসকলৰ হিতৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
এই সময়ছোৱাত তেখেত সকলক সংগ প্ৰদান কৰে জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজা, কৃষি উন্নয়ন বিষয়া ক্ৰমে- পংকজ পুৰাণ, দ্বীপজ্যোতি সৰকাৰ আৰু ৰাজা ফুকন, কৃষি পৰামৰ্শদাতা ইমৰান হুছেইন তথা মিডিয়া বিশেষজ্ঞ দিব্যজ্যোতি ৰাজখোৱাৰ লগতে বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে।