মাজুলীত অগপ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস : দলটো শক্তিশালী কৰাৰ সংকল্প
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক অসমৰ বিদেশী বহিস্কৃত আন্দোলনৰ পটভূমিত জনসাধাৰণৰ বিপুল সমৰ্থনেৰে জন্মলাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস মাজুলী জিলা অসম গণ পৰিষদৰ গড়মূৰস্থিত মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ আঞ্চলিক দলটিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মৰ্মে মুখ্য কাৰ্যালয়ৰ পৰিবেশ নিকাকৰণ, বন্তি প্ৰজ্বলনৰ পিছত দলীয় পতাকা উত্তোলন কৰে জিলা অগপৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুদ্ৰ শইকীয়াই ৷ পতাকা উত্তোলন কৰি তেওঁ আঞ্চলিক দলটোৰ প্ৰতি ৰাইজৰ আস্থা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি দলটোক সাংগঠনিক দিশত আগুৱাই নিয়াত সকলোৰে সহযোগিতা কামনা কৰে ৷ দিনৰ ১১ বজাৰ পৰা জিলা সম্পাদক জিতু ভূঞাই আঁত ধৰা , ভাৰপ্ৰাপ্ত জিলা সভাপতি ৰুদ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰি মাজুলী জিলা কৃষক পৰিষদৰ সভাপতি ঘনকান্ত নাথে-আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাৰ পটভূমিৰ বিষয়ে উল্লেখ কৰি ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত গঠন হোৱা আঞ্চলিক দলটো শক্তিশালী কৰাত সহযোগিতা কামনা কৰাৰ লগতে প্ৰত্যাহ্বানৰ মাজতো দলটোৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত সকলোকে ধন্যবাদ জনায় ৷ সভাত নিদিৰ্ষ্ট বত্তা ৰূপে জিলা পৰিষদৰ উপদেষ্টা আনন্দ হাজৰিকাই দলটোৰ সাংগঠনিক দিশত মনোনিৱেশ কৰি এসময়ৰ অগপ দলৰ দূৰ্গ স্বৰূপ মাজুলীৰ পূৰ্বৰ স্থিতি পুনৰ ঘূৰি আহিব বুলি উল্লেখ কৰে ৷ সভাত কেন্দ্ৰীয় উপ-সভাপতি ব্ৰজেন গাম, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ দত্ত ভূঞা, বলো কলিতা, ৰঞ্জিত সেন, মাজুলী জিলা মহিলা পৰিষদৰ সম্পাদিকা জুনুমণি দাসে আঞ্চলিক দলটোৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলটোৰ কৰ্মীসকলৰ সহযোগিতাত সন্তোষ প্ৰকাশ কৰি মাজুলীত দলটোৰ পূৰ্বৰ গৰিমা ৰক্ষাৰ বাবে সকলোকে হাতেহাত ধৰি দলটোক শক্তিশালী কৰাত সংকল্প গ্ৰহণৰ আহবান জনায় ৷ সভাত মাজুলী জিলা পৰিষদৰ অন্তৰ্গত সকলো আঞ্চলিকৰ সভাপতিকে ধৰি জেষ্ঠ কৰ্মীক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন গামোচাৰে আদৰণি জনায় ৷ শিল্পী পংখী দাসৰ এটি বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাত যথেষ্ট সংখ্যক কৰ্মী-শুভাকাংক্ষী উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই জিলা সম্পাদক বীৰেন ভূঞাই ৷ জাতীয় সংগীত পৰিবেশনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে ৷