মাজুলীতো চতুৰ্থটো তথা বছৰৰ শেষৰটো ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন

মাজুলীতো চতুৰ্থটো তথা বছৰৰ শেষৰটো ৰাষ্ট্ৰীয় লোক আদালত সম্পন্ন
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰনৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অন্যান্য জিলা সমূহৰ লগতে মাজুলীটো আজি মাজুলী জিলা আইন সেৱা প্ৰাধিকৰনৰ আৰু জিলা ন্যায়পালিকাৰ সহযোগীতাত চতুৰ্থ তথা বছৰৰ অন্তিমটো ৰাষ্ট্ৰীয় লোক আদালত জিলাখনৰ কেইবাখনো আদালতত অনুষ্ঠিত হয় । এই ৰাষ্ট্ৰীয় লোক আদালতত সৰ্বমুঠ ১১১৬ টা গোচৰ ধাৰ্য্য কৰা হৈছিল তাৰে ২৯৮ টা গোচৰ নিষ্পত্তি হয় আৰু মুঠ ১৫,২৪,৮৪৬/- টকা আহৰন কৰা হয়। এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহ জনীত গোচৰ, চেক বাউঞ্চৰ গোচৰ , যান বাহন ১৯৮৮ আইন অধীনৰ গোচৰ সমূহ নিস্পতিৰ দিহা কৰা হয় । ইয়াৰোপৰি বিভিন্ন বেংকৰ ঋণ আদায় সমন্ধীয়, বিজুলী বিল আদায় সমন্ধীয় , বি -এছ-এন -এল-ৰ ফোনৰ বিল আদায় সমন্ধীয় মোকৰ্দমা গোচৰ সমূহ মীমাংসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । জিলাখনত আজি অনুষ্ঠিত এই  ৰাষ্ট্ৰীয় লোক আদালতত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুঠ গোচৰৰ সংখ্যা আছিল ২৫০ টা । ইয়াৰে ৪২ টা গোচৰৰ বিবাদ নিষ্পত্তি কৰা হয় আৰু ইয়াৰ পৰা মুঠ ২,৮৫,৭৫৩ টকা আহৰণ কৰা হয় । বেংক সমূহৰ বিভিন্ন বিবাদ সমূহৰ পৰা ১১,৭৯,৪১৪ টকা আহৰণ কৰা হয়। ভাৰত সঞ্চাৰ নিগম লিমিটেড বি এছ-এন-এল  ৰ ২৬ টা বিবাদৰ  ৪ টা বিবাদ নিষ্পত্তিৰ কৰি মুঠ ৯,৭২৯ টকা আহৰণ হয়। যান বাহন ১৯৮৮ আইন অধীনৰ গোচৰ সমূহৰ মুঠ বিবাদ আছিল ৪৯১ টা । ইয়াৰে  ২২৭ টা বিবাদ নিষ্পত্তি কৰি মুঠ ৪৯, ৯৫০ টকা আহৰণ হয়। লোক আদালত সমুহত উপস্থিত থাকে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশ উৎপল প্ৰসাদ , জিলা মুখ্য ন্যায়িক দণ্ডাধীশ  বংকিম শৰ্মা,  আৰু জিলা আইন সেৱা প্ৰধীকৰণৰ তৰফৰ পৰা সচিব সৰস্বতী জহৰী পাদুন, মুখ্য আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগাম, উপ আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা পাপৰি শইকীয়া আইন সহায়ক অধিবক্তা আৰু ববিতা বৰা।